
বাক্সা, ১০ জুন (হি.স.)। হাগ্ৰামা মহিলাৰী বৰ্তমান সময়ত অকলশৰীয়া, তেওঁ কত কি কয় সেয়া গুৰুত্বপূৰ্ণ নহয় । হাগ্ৰামাৰ বিপিএফ দলৰ বাঘা বাঘা নেতাবোৰে ইউপিপিএল, বিজেপিত যোগদান কৰিছে । হাগ্ৰামা এতিয়া অস্তিত্ব সংকতত পৰা বাবে আবুল-তাবুল কথা কবলৈ ধৰিছে । বাক্সাৰ শালবাৰীত উপস্থিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী । শালবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ বুথ সন্মিলনত উপস্থিত হয় সাংসদ গৰাকী । আগন্তুক পৰিষদীয় নিৰ্বাচন চেপ্তেম্বৰত হোৱাটো খাটাং । ৪০টা পৰিষদীয় সমষ্টিতে এই বুথ সন্মিলন অনুষ্ঠিত কৰা হব ।
বিভিন্ন ৰাজনৈতিক দলৰ লগতে ইউপিপিএল দলে ৪০টা সমষ্টিত জয়ী কেনেকৈ হব সেই সন্দৰ্ভত সভা সমুহ অনুষ্ঠিত কৰা হৈছে । বুথ সন্মিলনত দলীয় কৰ্মীৰ লগতে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক তীব্ৰভাৱে মন্তব্য প্ৰকাশ কৰে । আজিৰ এই সভাত ইউপিপিএল দলৰ কেইবাজনো কেন্দ্ৰীয় নেতৃত্বৰ লগতে শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰী, টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰ লগতে কেইবাগৰাকীও নেতৃত্ব উপস্থিত থাকে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ