জাগীৰোড মহাবিদ্যালয়ে লাভ কৰিলে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্য্যাদা
মৰিগাঁও, ১০ জুন (হি.স.)। জাগীৰোড তথা সমগ্ৰ মৰিগাঁও জিলাৰ বাবে এটি ভাল খবৰ ৷ জাগীৰোডৰ উচ্চশিক্ষাৰ একমাত্ৰ অনুষ্ঠান জাগীৰোড মহাবিদ্যালয়ে লাভ কৰিছে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা ৷ জাগীৰোড মহাবিদ্যলয়ক আগন্তুক ১০ বছৰৰ বাবে স্বায়ত্ব শাসিত মহাব
জাগীৰোড মহাবিদ্যালয়ে লাভ কৰিলে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্য্যাদা


জাগীৰোড মহাবিদ্যালয়ে লাভ কৰিলে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্য্যাদা


মৰিগাঁও, ১০ জুন (হি.স.)। জাগীৰোড তথা সমগ্ৰ মৰিগাঁও জিলাৰ বাবে এটি ভাল খবৰ ৷ জাগীৰোডৰ উচ্চশিক্ষাৰ একমাত্ৰ অনুষ্ঠান জাগীৰোড মহাবিদ্যালয়ে লাভ কৰিছে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা ৷

জাগীৰোড মহাবিদ্যলয়ক আগন্তুক ১০ বছৰৰ বাবে স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগে । বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে জাগীৰোডবাসী ৷

জাগীৰোড মহাবিদ্যালয়ে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে ৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande