নতুন দিল্লী, ১০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত অতুলনীয় অগ্ৰগতি লাভ কৰিছে। এই প্ৰগতিৰ যাত্ৰাত ‘আধুনিকতা’ আৰু ‘আত্মনিৰ্ভৰশীলতা’ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। ভাৰতীয়ৰ সামূহিক ইচ্ছা আৰু দৃঢ়তাৰ ফল বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংকল্পই ভাৰতক প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশে লৈ গৈছে।
'মাইগভইণ্ডিয়া'ত দিয়া এটা পোষ্টৰ উত্তৰত মোদীয়ে কয়, যোৱা ১১ বছৰত আমাৰ প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে। ভাৰতক শক্তিশালী কৰাৰ বাবে মানুহে একেলগে কাম কৰা দেখিবলৈ পাই আনন্দিত হৈছো। তেওঁ ‘#11YearOfRakshaShakti’ হেচটেগ ব্যৱহাৰ কৰিছিল।
উল্লেখযোগ্য যে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত বিদেশী নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ সমান্তৰালভাৱে থলুৱা উৎপাদনক প্ৰসাৰিত কৰা। এই প্ৰচেষ্টাসমূহে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিলে আৰু বিশ্বজুৰি ই এক শক্তিশালী স্থানত থিয় দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া