একেৰাহে তৃতীয় দিন সস্তা হৈ পৰিল সোণ, ৰূপৰ বাঢ়িল জিলিকনি
নতুন দিল্লী, ১০ জুন (হি.স.)। ঘৰুৱা বুলিয়ন বজাৰত আজি একেৰাহে তৃতীয় দিনলৈ সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৫৮০ টকাৰ পৰা ৯৭,৭৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে।
सर्राफा बाजार में सस्ता हुआ सोना


নতুন দিল্লী, ১০ জুন (হি.স.)। ঘৰুৱা বুলিয়ন বজাৰত আজি একেৰাহে তৃতীয় দিনলৈ সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৫৮০ টকাৰ পৰা ৯৭,৭৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকাৰ পৰা ৮৯,৬০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ বিপৰীতে আজি ৰূপৰ মূল্যও উৰ্ধমুখী ধাৰা দেখুৱাইছে, যাৰ বাবে এই চিকচিকিয়া ধাতুটো দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,০৮,১০০ টকাত বিক্ৰী হৈছে, ১২০০ টকা ব্যয়বহুল হৈ পৰিছে।

দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ৯৭,৭৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৯,৬০০ টকা। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৫৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৬৩০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৮৯,৫০০ টকা। এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৫৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ৮৯,৪৫০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৫৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৮৯,৪৫০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৭৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৬০০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৭,৬৩০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৯,৫০০ টকাৰ স্তৰত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৭,৭৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৬০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ ব্যৱসায় হৈছে ৯৭,৫৮০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৪৫০ টকাৰ হাৰত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande