নতুন দিল্লী, ১০ জুন (হি.স.)। ফৰ্মুলা ১ৰ ২০২৬ ছিজনৰ কেলেণ্ডাৰ মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। আগন্তুক ছিজন ৬ মাৰ্চত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত গ্ৰেণ্ড প্ৰিক্সৰ জৰিয়তে আৰম্ভ হোৱাৰ বিপৰীতে ৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’ব গ্ৰেণ্ড প্ৰিক্স।
এইবাৰ মুঠ ২৪খন দৌৰৰ আয়োজন কৰা হ’ব, য’ত বহু ডাঙৰ পৰিৱৰ্তন দেখা যাব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল স্পেইনৰ ৰাজধানী মাদ্ৰিদে প্ৰথমবাৰৰ বাবে এফ ১ ৰেছ আয়োজন কৰিব, যিখন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব (এফ আই এ চাৰ্কিট হ’ম’ল’গেচনৰ অধীনত)। একে সময়তে ইটালীৰ ইমোলো গ্ৰেণ্ড প্ৰিক্স ২০২৬ চনৰ সূচীৰ পৰা বাদ দিয়া হৈছে।
এফ১ ২০২৬ ছিজনৰ সম্পূৰ্ণ সূচী তলত দিয়া ধৰণৰ:
মেলবৰ্ণ গ্ৰেণ্ড প্ৰিক্স (অষ্ট্ৰেলিয়া) – ৬ৰ পৰা ৮ মাৰ্চলৈ
চাংহাই গ্ৰেণ্ড প্ৰিক্স (চীন) – ১৩ৰ পৰা ১৫ মাৰ্চলৈ
চুজুকা গ্ৰেণ্ড প্ৰিক্স (জাপান) – ২৭ৰ পৰা ২৯ মাৰ্চলৈ
সাখিৰ গ্ৰেণ্ড প্ৰিক্স (বাহৰেইন) – ১০ৰ পৰা ১২ এপ্ৰিললৈ
জেদ্দা গ্ৰেণ্ড প্ৰিক্স (চৌদি আৰব) – ১৭ৰ পৰা ১৯ এপ্ৰিললৈ
মিয়ামি গ্ৰেণ্ড প্ৰিক্স (আমেৰিকা) – ১ মে’ৰ পৰা ৩ মে’লৈ
মণ্ট্ৰিয়েল গ্ৰেণ্ড প্ৰিক্স (কানাডা) – ২২ৰ পৰা ২৪ মে’লৈ
মনাকো গ্ৰেণ্ড প্ৰিক্স (মনাকো) – ৫ জুনৰ পৰা ৭ জুনলৈ
বাৰ্চিলোনা-কাটালুনিয়া গ্ৰেণ্ড প্ৰিক্স (স্পেইন) – ১২ৰ পৰা ১৪ জুনলৈ
স্পিলবাৰ্গ গ্ৰেণ্ড প্ৰিক্স (অষ্ট্ৰিয়া) – ২৬ৰ পৰা ২৮ জুনলৈ
ছিলভাৰষ্টোন গ্ৰেণ্ড প্ৰিক্স (ইউ কে) – ৩ জুনৰ পৰা ৫ জুলাইলৈ
স্পা-ফ্ৰেংকৰচাম্পছ গ্ৰেণ্ড প্ৰিক্স (বেলজিয়াম) – ১৭ৰ পৰা ১৯ জুলাইলৈ
বুডাপেষ্ট গ্ৰেণ্ড প্ৰিক্স (হাংগেৰী) – ২৪ৰ পৰা ২৬ জুলাইলৈ
জেণ্ডভ’ৰ্ট গ্ৰেণ্ড প্ৰিক্স (নেদাৰলেণ্ড) – ২১ৰ পৰা ২৩ আগষ্টলৈ
মন্জা গ্ৰেণ্ড প্ৰিক্স (ইটালী) – ৪ৰ পৰা ৬ ছেপ্টেম্বৰলৈ
মাদ্ৰিদ গ্ৰেণ্ড প্ৰিক্স (স্পেইন) – ১১ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ (এফআইএৰ অনুমোদনৰ অধীনত)
বাকু গ্ৰেণ্ড প্ৰিক্স (আজাৰবাইজান) – ২৫ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ
ছিংগাপুৰ গ্ৰেণ্ড প্ৰিক্স (চিংগাপুৰ) – ৯ৰ পৰা ১১ অক্টোবৰলৈ
অষ্টিন গ্ৰেণ্ড প্ৰিক্স (আমেৰিকা) – ২৩ৰ পৰা ২৫ অক্টোবৰলৈ
মেক্সিকো চিটি গ্ৰেণ্ড প্ৰিক্স (মেক্সিকো) – ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ
চাও পাওলো গ্ৰেণ্ড প্ৰিক্স (ব্ৰাজিল) – ৬ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ
লাছ ভেগাছ গ্ৰেণ্ড প্ৰিক্স (আমেৰিকা) – ১৯ৰ পৰা ২১ নৱেম্বৰলৈ
লুচাইল গ্ৰেণ্ড প্ৰিক্স (কাটাৰ) – ২৭ৰ পৰা ২৯ নৱেম্বৰলৈ
ইয়াছ মেৰিনা গ্ৰেণ্ড প্ৰিক্স (আবুধাবি) – ৪ৰ পৰা ৬ ডিচেম্বৰলৈ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া