দৰং, ১০ জুন (হি.স.)। এইবাৰ পানীত মাছ বিচাৰি নহয়, পানীত ডিজেল তেল বিচাৰি ৰাইজৰ হেতাওপৰা। দৰং জিলাৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা খালৰ দৃশ্য এয়া। লিটাৰে লিটাৰে উঠাইছে ৰাইজে ডিজেল।
দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথত আজি পুৱা সংঘটিত হৈছিল দূৰ্ঘটনা৷ দলগাঁও ইন্ডাষ্ট্ৰীৰ সন্মুখত এ এছ ১৬ এ চি ২৬২৭ নম্বৰৰ তীব্ৰবেগী ডিজেল তেলৰ টেংকাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত দলগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় গাড়ীখন পথত উঠায় যদিও পিছত খালৰ পানীৰ পৰা ডিজেল তেল উলিয়াই নিবলৈ ওচৰৰ ৰাইজে এনেদৰে হেতাওপৰা লগাইছে যেন পানী সিঁচি মাছহে ধৰিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা