নগাও, ১০ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সত্ৰ আয়োগ স্থায়িত্বকৰণৰ বাবে লোৱা পদক্ষেপ আৰু অসমৰ সত্ৰ সমূহৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগবঢ়োৱা যি উন্নয়নমূলক আঁচনি তাক প্ৰশংসা কৰিছে বটদ্ৰৱাৰ ভকত বৈষ্ণৱে।
বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ হৈ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে আজি মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাই অসমৰ বেদখলকৃত সত্ৰ সমূহৰ ভূমিসমূহ উদ্ধাৰ আৰু গুৰুজনাৰ জন্মস্থানকে আদি কৰি অসমৰ সত্ৰ সমূহৰ উন্নয়ন, সংৰক্ষণৰ স্বাৰ্থত যি পদক্ষেপ গ্ৰহণ কৰে, আমি আদৰি লম বুলি প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা