বাক্সা, ০১ জুন (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। মানাহ পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটক সকলে সঘনাই নিচেই কাষৰ পৰাই প্ৰত্যক্ষ কৰিবলৈ পাৰিছে বাঘৰ মুক্ত বিচৰণ। মানাহৰ বাঁহবাৰী ৰেঞ্জত এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ দেখি আপ্লুত হৈ পৰিছে পৰ্যটকৰ দল।
বাঘটোৰ বিচৰণ দেখি আনন্দিত হৈ পৰিছে পৰ্যটকৰ দলটো। এগৰাকী পৰ্যটকৰ কেমেৰাত বন্দী হৈছে বাঘটোৱে গহীন গম্ভীৰকৈ খোজকাঢ়ি যোৱাৰ দৃশ্য। উল্লেখ্য যে ২০২৪-২৫ পৰ্যটন বৰ্ষত মানাহত পৰ্যটক সকলক বাঘৰ বিচৰণে আমোদ দিয়াৰ কথা জানিবলৈ দিয়ে মানাহৰ পৰ্যটন ক্ষেত্রৰ সৈতে জড়িত ব্যক্তি বুবুল নাথে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ