ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন
–সেৱা আৰু সমৰ্পণৰ সংকল্পই চৰকাৰৰ কামকাজক মহীয়ান কৰিছে- দিলীপ শইকীয়া গুৱাহাটী, ০৯ মে’ (হি.স.)। “অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সফল, দীপ্ত আৰু পৰিৱৰ্তনৰ বতৰা বহন কৰা শাসনৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত মুখ্যমন্ত্ৰী
ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়া


–সেৱা আৰু সমৰ্পণৰ সংকল্পই চৰকাৰৰ কামকাজক মহীয়ান কৰিছে- দিলীপ শইকীয়া

গুৱাহাটী, ০৯ মে’ (হি.স.)। “অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সফল, দীপ্ত আৰু পৰিৱৰ্তনৰ বতৰা বহন কৰা শাসনৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ। অসমৰ ৬৫ লাখৰো অধিক বিজেপি কাৰ্যকৰ্তাৰ তৰফৰপৰা মুখ্যমন্ত্ৰী শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাজ্যৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্রতি অবিৰত উৎসৰ্গিত মনোভাৱৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ”-_ এই বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।

চৰকাৰৰ বৰ্ষপূৰ্তিৰ সন্দৰ্ভত প্রকাশ কৰা এটা বিবৃতিত সভাপতি শইকীয়াই কয় যে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনত অনুপ্রাণিত হৈ, মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ জনতাৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপদানত সক্ষম হৈছে। চৰকাৰৰ শাসন পদ্ধতি আজি বিকাশমুখী, অন্তর্ভুক্তিমূলক আৰু স্বচ্ছ প্ৰশাসনৰ উজ্জ্বল উদাহৰণ হিচাপে প্রতিষ্ঠিত হৈছে।

যোৱা চাৰি বছৰত অসমৰ বিভিন্ন ক্ষেত্ৰ-পৰিকাঠামে নিৰ্মান, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, অৰ্থনৈতিক বিকাশ আদিত চমকণ্রদ অগ্ৰগতি সাধিবলৈ সক্ষম হৈছে। এই সকলোবোৰ সফলতা “সবকা চাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস”ৰ মূলমন্ত্ৰ সুদৃঢ় প্ৰতিফলন।

এই সকলো প্ৰাপ্তিৰ মূলতে আছে অসমৰ জনতাৰ অটুট আশীৰ্বাদ, মৰম, সমৰ্থন আৰু সহযোগিতা। জনতাৰ এই ভালপোৱা আৰু বিশ্বাসেই চৰকাৰৰ ভিত্তি মজবুত কৰি বিজেপিকো অধিক উৎসাহ আৰু দায়িত্বৰ সৈতে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰিছে।

বৰ্তমান ৰাষ্ট্ৰীয় সীমান্তৰ সংবেদনশীল পৰিস্থিতিৰ প্রতি গভীৰ অনুভূতি প্রকাশ কৰি আৰু আমাৰ বীৰ জোৱানসকলৰ অতুলনীয় বলিদানলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি, অসম বিজেপিয়ে উলহ-মালহেৰে বৰ্ষপূৰ্তি অনুষ্ঠান পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানৰ সময় দেশৰ সুৰক্ষাৰ অটল প্ৰতিশ্ৰুতি বহন কৰা নিৰাপত্তা বাহিনীৰ হকে এক্যবদ্ধভাৱে থিয় হোৱাৰ সময় বুলি সভাপতি শইকীয়াই মন্তব্য কৰে।

চৰকাৰৰ বৰ্ষপূৰ্তিৰ সময়ত অসম বিজেপিয়ে একতা, নম্ৰতা আৰু তক্লান্ত সেৱাৰ মানসিকতাৰ সৈতে ৰাজ্যবাসীক আগবঢ়াই লৈ যোৱাৰ বাবি দৃঢ় সংকল্পৰ বিষয়ে পুনৰ দোহাৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande