‘সুদৰ্শন চক্ৰ’ই বিফল কৰিলে অমৃতসৰৰ পৰা জম্মু, পাঠানকোটৰ পৰা ভুজলৈকে পাকিস্তানৰ আক্ৰমণ
- শত্ৰুৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আকাশৰ মাজত ধ্বংস কৰি ভাৰতৰ চহৰসমূহৰ কোনো ক্ষতি হোৱা নাছিল নতুন দিল্লী, ০৯ মে’ (হি.স.)। অমৃতসৰৰ পৰা জম্মু, পাঠানকোটৰ পৰা ভুজলৈকে পাকিস্তানৰ আক্ৰমণ বিফল কৰি ভাৰতৰ এয়াৰ মিছাইল ডিফেন্স চিষ্টেম ‘সুদৰ্শন চক্ৰ’ই নিজৰ শক্তি
एस-400 एयर डिफेंस मिसाइल सिस्टम


- শত্ৰুৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আকাশৰ মাজত ধ্বংস কৰি ভাৰতৰ চহৰসমূহৰ কোনো ক্ষতি হোৱা নাছিল

নতুন দিল্লী, ০৯ মে’ (হি.স.)। অমৃতসৰৰ পৰা জম্মু, পাঠানকোটৰ পৰা ভুজলৈকে পাকিস্তানৰ আক্ৰমণ বিফল কৰি ভাৰতৰ এয়াৰ মিছাইল ডিফেন্স চিষ্টেম ‘সুদৰ্শন চক্ৰ’ই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। শত্ৰুৰ পৰা কোনো ধৰণৰ প্ৰত্য়াক্ৰমণ ৰোধ কৰিবলৈ অপাৰেচন ‘সিন্দুৰ’ আৰম্ভ কৰাৰ সময়ত ভাৰতে এই ব্যৱস্থা সক্ৰিয় কৰিছিল, যাৰ ফলত ভাৰতীয় যুদ্ধ বিমানক নিৰাপদে অভিযান সম্পূৰ্ণ কৰাত সহায় কৰিছিল। এই ব্যৱস্থাই আকাশৰ মাজভাগত শত্ৰুৰ ড্ৰ’ন আৰু মিছাইল ধ্বংস কৰি ভাৰতৰ চহৰসমূহৰ কোনো ক্ষতি হ’ব দিয়া নাছিল।

ভাৰতৰ অপাৰেচন ‘সিন্দুৰ’ৰ ফলত অগ্নিশৰ্মা হৈ পৰা পাকিস্তানে যোৱা ৮/৯ মে’ৰ নিশা প্ৰায় ৮.৩০ বজাত ৰাজস্থান, জম্মু-কাশ্মীৰ, পঞ্জাৱ, গুজৰাটৰ বায়ুসেনাৰ বিমান ঘাটিসমূহক লক্ষ্য কৰি ড্ৰ’নেৰে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানী ড্ৰ’নক বাধা দিছিল। পাকিস্তানে সাতৱাৰী, চাম্বা, আৰ এছ পুৰা আৰু আৰ্নিয়া ছেক্টৰত ৮টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল যদিও সেই সকলোবোৰ ভাৰতীয় বায়ু প্ৰতিৰক্ষা ইউনিটে আকাশৰ মাজভাগত নিষ্ক্ৰিয় কৰি পেলাইছিল। জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ জম্মু, পাথানকোট আৰু উধমপুৰৰ সামৰিক ষ্টেচনসমূহ পাকিস্তানে ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ব্যৱহাৰ কৰি লক্ষ্য কৰি লৈছিল যদিও ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ (সুদৰ্শন)ই সকলো আক্ৰমণ বিফল কৰি কোনো ধৰণৰ ক্ষতিসাধন হ’ব নিদিলে। জম্মু-কাশ্মীৰৰ উধামপুৰতো আকাশৰ মাজতে ধ্বংস হয় এখন পাকিস্তানী ড্ৰোন।

ইউক্ৰেইনৰ সৈতে যুদ্ধৰ মাজতে ৰাছিয়াই এতিয়ালৈকে ভাৰতক ৩টা এছ-৪০০ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম যোগান ধৰিছে, আনহাতে দুটা চিষ্টেম এতিয়াও যোগান ধৰা হোৱা নাই। চতুৰ্থ ব্যৱস্থাটো ২০২৬ চনৰ মাৰ্চ মাহত আৰু পঞ্চম ব্যৱস্থাটো ২০২৬ চনৰ শেষৰ ফালে প্ৰদান কৰা হ’ব। এই দুবছৰৰ পলমৰ কাৰণ হৈছে ইউক্ৰেইনৰ সংঘাতৰ ফলত হোৱা যোগান শৃংখলৰ সমস্যা। ভগৱান শ্ৰীকৃষ্ণৰ শক্তিশালী সুদৰ্শন চক্ৰৰ নামেৰে ভাৰতীয় বায়ুসেনাই এছ-৪০০ক ‘সুদৰ্শন চক্ৰ’ নামেৰে নামাকৰণ কৰিছে। ভাৰতীয় এছ-৪০০ বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰই ২০ কিলোমিটাৰ, ৩০ কিলোমিটাৰ আৰু ৬০ কিলোমিটাৰ উচ্চতা লাভ কৰিব পাৰে আৰু আকাশৰ মাজত শত্ৰুৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পাৰে। এই ব্যৱস্থাই একেলগে ৮০টা শত্ৰুৰ ক্ষেপণাস্ত্ৰ বা বিমান আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ সক্ষম।

চীন আৰু পাকিস্তানৰ পৰা অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ৰাছিয়াৰ শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ৰ অতি প্ৰয়োজন হৈছিল। ভাৰতে ৰাছিয়াৰ সৈতে ৩৫ হাজাৰ কোটি টকাত পাঁচটা এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ ক্ৰয় কৰাৰ চুক্তি কৰিছিল, যিটো চুক্তি ৰাছিয়া আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ২০২১ চনৰ ০৬ ডিচেম্বৰত চূড়ান্ত কৰিছিল।ভাৰতৰ প্ৰতিৰক্ষা বহৰত অন্তৰ্ভুক্ত এই ৰাছিয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাক লৈ সমগ্ৰ বিশ্বই ভয় খাইছে। এই ব্যৱস্থাই ইয়াৰ ক্ষেপণাস্ত্ৰৰে শত্ৰুৰ বেলিষ্টিক আৰু ক্ৰুজ মিছাইল, যুদ্ধ বিমান ৪০০ কিলোমিটাৰ পৰ্যন্ত দূৰত্বলৈকে ধ্বংস কৰিব পাৰে। এই ক্ষেপণাস্ত্ৰই মাটিৰ পৰা ১০০ ফুট ওপৰত উৰি থকা ভাবুকি চিনাক্ত কৰি আক্ৰমণ কৰিবলৈ সক্ষম। ভাৰতে পূব আৰু উত্তৰ সীমান্তত দুটা এছ-৪০০ স্ক্ৱাড্ৰন মোতায়েন কৰিছে। পাকিস্তান সীমান্তৰ সমান্তৰালকৈ উত্তৰ আৰু পশ্চিম অঞ্চলকো সামৰি ল’ব পৰাকৈ পঞ্জাৱত ৩য় স্কোয়াড্ৰন মোতায়েন কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande