পাকিস্তানলৈ সতৰ্কবাণী - সামৰিক আক্ৰমণ হ’লে পাব উপযুক্ত উত্তৰ
- ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বৈদেশিক মন্ত্ৰী ড° জয়শংকৰে পাকিস্তানক দেখুৱালে সামৰ্থ নতুন দিল্লী, ০৮ মে’ (হি.স.)। ভাৰত আৰু ইৰাণৰ মাজত অনুষ্ঠিত ২০ সংখ্যক যুটীয়া আয়োগৰ বৈঠকৰ সময়ত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট শব্দৰে কয় যে উত্তেজনা
বৈদেশিক মন্ত্ৰী জয়শংকৰ


- ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বৈদেশিক মন্ত্ৰী ড° জয়শংকৰে পাকিস্তানক দেখুৱালে সামৰ্থ

নতুন দিল্লী, ০৮ মে’ (হি.স.)। ভাৰত আৰু ইৰাণৰ মাজত অনুষ্ঠিত ২০ সংখ্যক যুটীয়া আয়োগৰ বৈঠকৰ সময়ত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে স্পষ্ট শব্দৰে কয় যে উত্তেজনা বৃদ্ধি কৰাৰ উদ্দেশ্য ভাৰতৰ নাই, কিন্তু যদি পাকিস্তানৰ পৰা সামৰিক আক্ৰমণ হয়, তেন্তে ইয়াক “যথাযথ উত্তৰ” দিয়া হ’ব।

ইৰাণৰ বৈদেশিক মন্ত্ৰী চৈয়দ আব্বাছ আৰাকচি ভাৰত ভ্ৰমণ কৰি আছে। জয়শংকৰে তেওঁৰ সৈতে যুটীয়া আয়োগৰ বৈঠকৰ সহ-অধ্যক্ষতা কৰি মুকলি বক্তব্যত উপৰোক্ত কথাখিনি উল্লেখ কৰে। শেহতীয়াকৈ জম্মু-কাশ্মীৰত সংঘটিত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতে ইতিমধ্যে প্ৰত্যুত্তৰ দিয়াৰ সময়ত এই বৈঠক অনুষ্ঠিত হৈছে বুলিও তেওঁ কয়।

জয়শংকৰে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ভাৰতে ৭ মে’ত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ প্ৰতিশোধ ল’বলৈ বাধ্য হৈছিল।

ইৰাণৰ প্ৰতিনিধি দলটোক সম্বোধন কৰি তেওঁ কয় যে চুবুৰীয়া আৰু ঘনিষ্ঠ অংশীদাৰ হিচাপে আপোনালোকৰ বাবে এই পৰিস্থিতি বুজি পোৱাটো গুৰুত্বপূৰ্ণ।

ভাৰত আৰু ইৰাণৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে চৰ্চা কৰি জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজত সহযোগিতা বহু ক্ষেত্ৰত অগ্ৰগতি হৈছে যদিও কিছুমান বিষয়ত আলোচনা কৰাৰ প্ৰয়োজন আছে। ২০২৪ চনৰ অক্টোবৰ মাহত কাজানত প্ৰধানমন্ত্ৰী মোডী আৰু ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ বৈঠক আৰু ২৬ এপ্ৰিলত হোৱা টেলিফোনিক বাৰ্তালাপে এই অংশীদাৰিত্বক নতুন দিশ দিছে।

তেওঁ কয় যে এইবছৰটি ভাৰত-ইৰাণৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তীও। জয়শংকৰে আস্থা প্ৰকাশ কৰে যে দুয়োখন দেশে এই অনুষ্ঠানটো যথাযথ সন্মানেৰে উদযাপন কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande