
- ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৰেলৱে উৎপাদন ইউনিট- দহোদত নিৰ্মাণ কৰা ৰেলৱে উৎপাদন ইউনিটে ১০ হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব
আহমেদাবাদ, ২১ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে গুজৰাটলৈ আহি আছে। অহা ২৬ আৰু ২৭ মে’ত তিনিখন জিলা - গান্ধীনগৰ, কুচ আৰু দহোদত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। কুচ জিলাৰ সদৰ ভূজৰ মিৰ্জাপাৰ ৰোডত অনুষ্ঠিত জনসভাৰ অন্তত তেওঁ মাতানো মঢ আশাপুৰা মন্দিৰ পৰিদৰ্শন কৰিব।
উল্লেখযোগ্য যে দহোদত ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এটা ৰেলৱে উৎপাদন ইউনিট নির্মাণ কৰা হৈছে, য’ত প্রধানমন্ত্রীয়ে প্রথম ৯০০০ এইচ পিৰ প্রথমটো লোকমোটিভ ইঞ্জিন উদ্বোধন কৰিব৷
গুজৰাট চৰকাৰে দিয়া তথ্য অনুসৰি দহোদত পিপিপি মডেলত নিৰ্মিত এই ৰে’ল কাৰখানাত ১০ বছৰৰ ভিতৰত ১২০০টা ইঞ্জিন নিৰ্মাণ কৰা হ’ব আৰু ভৱিষ্যতে সেইবোৰ দেশ-বিদেশলৈ ৰপ্তানি কৰা হ’ব। আগন্তুক সময়ত দহোদত নিৰ্মিত ইঞ্জিনটো ১০০ শতাংশ মেক ইন ইণ্ডিয়াৰ লাইনত নিৰ্মাণ কৰা হ’ব। এই ইঞ্জিনৰ বিশেষত্ব হ’ল ইয়াত ৪৬০০ টন সামগ্ৰী কঢ়িয়াব পৰা ক্ষমতা আছে। প্ৰথমবাৰৰ বাবে ইঞ্জিনত চালকৰ বাবে এচি আৰু টয়লেট ৰখা হৈছে। ইয়াৰ লগতে; দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে কভাৰ চিষ্টেম স্থাপন কৰা হৈছে। দহোদত ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰে’ল কাৰখানাটোত আগন্তুক ১০ বছৰত প্ৰায় ১২০০ ইঞ্জিন ইঞ্জিন নিৰ্মাণ কৰিবলৈ গৈ আছে। শেহতীয়াকৈ দহোদত ৪টা ইঞ্জিন নিৰ্মাণ কৰা হৈছে। এই আটাইকেইটা ইঞ্জিনত লিখা থাকিব ‘মেনুফেক্সাৰিং বাই দাহোদ’।
এই প্ৰকল্পৰ বাবে দহোদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ১০ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিব আৰু স্থানীয় অৰ্থনীতিও লাভ কৰিব। ইয়াৰ বাহিৰেও; সৰ্বনিম্ন নিবিদাকাৰী হিচাপে আত্মপ্ৰকাশ কৰা বহুজাতিক কোম্পানীটোৰ বাবে ৰে’লৱে ইঞ্জিন উৎপাদনৰ বাবে বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ ফলত শক্তি খণ্ড আৰু অভিযান্ত্ৰিক খণ্ডৰ সৰু-বৰ কোম্পানীসমূহে এই সামগ্ৰীসমূহ যোগান ধৰাৰ সুযোগ সৃষ্টি কৰিব।
উল্লেখযোগ্য যে ৯০০০ এইচ পি ৬ অক্ষযুক্ত ইলেক্ট্ৰিক ইঞ্জিনৰ গড় গতিবেগ প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰ হ’ব। এই ইঞ্জিনসমূহৰ ৰক্ষণাবেক্ষণৰ কাম পশ্চিম বংগৰ খৰগপুৰ, অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম, ছত্তীশগড়ৰ ৰায়পুৰ আৰু মহাৰাষ্ট্ৰৰ পুনে ডিপোত কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া