যোৰহাটৰ পুলিবৰত থকা প্ৰগতি মটৰছত চুৰি কাণ্ড
যোৰহাটৰ পুলিবৰত থকা প্ৰগতি মটৰছত চুৰি কাণ্ড।
যোৰহাটৰ পুলিবৰত থকা প্ৰগতি মটৰছত চুৰি কাণ্ড


যোৰহাট, ২০ মে’ (হি.স.): যোৰহাটৰ পুলিবৰত থকা প্ৰগতি মটৰছত যোৱাকালি সোমবাৰে নিশা চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। দুটা চোৰে ডীলাৰৰ ভিতৰত প্ৰৱেশ কৰি চলাই লুট পাত। চোৰে লুটি নিয়ে নগদ বহু লক্ষাধিক টকা সহ প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী।

চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় চি চি টি ভি কেমেৰাত। আৰক্ষীয়ে চি চি টি ভি ফুটেজ সংগ্ৰহ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে যোৰহাটৰ বিভিন্ন প্ৰান্তত মানুহ নথকাৰ সুবিধা লৈ দিনতেই ঘৰৰ ভিতৰত চোৰ সোমাই লুট পাত চলাই আহিছে। আৰক্ষীৰ দুৰ্বলতাৰ সুবিধা লৈ যোৰহাটত ক্ৰমাৎ অপৰাধ বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande