গোৰেশ্বৰ-খৈৰাবাৰী পথত ভয়ংকৰ পথ দূৰ্ঘটনা
গোৰেশ্বৰ-খৈৰাবাৰী পথত ভয়ংকৰ পথ দূৰ্ঘটনা।
গোৰেশ্বৰ-খৈৰাবাৰী পথত ভয়ংকৰ পথ দূৰ্ঘটনা


বাক্সা, ২০ মে’ (হি.স.): গোৰেশ্বৰ-খৈৰাবাৰী পথত যোৱাকালি সোমবাৰে সন্ধিয়া ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। লোকনিৰ্মাণ বিভাগ তথা ঠিকাদাৰৰ গুৰুত্বহীনতাৰ বাবে গোৰেশ্বৰ-খৈৰাবাৰী পথত এই ভয়ংকৰ পথ দূৰ্ঘটনা ঘটে । গৰা খহনীয়াত বিধস্ত পথটিৰ নিৰ্মাণ আধাৰতেই সামৰিক লোকনিৰ্মাণ বিভাগে উন্মুক্ত কৰি ৰখাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা ।

এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ । বিধ্বস্থ পথৰ বাবে যুৱকজনে এএছ ০১ এফএম ৭১৫২ নম্বৰৰ বাইকেৰে গৈ থকা সময়তে দূৰ্ঘটনাগ্ৰস্ত হয় । আহত যুৱকজন কামৰূপৰ ডিমুৰ হাৰুণ অল ৰচিদ বুলি পৰিচয় পোৱা গৈছে । স্থানীয় ৰাইজৰ অভিযোগক কাণসাৰ নিদি নিজ মইমতালিৰে কাম কৰি আহিছে ঠিকাদাৰে । উল্লেখ্য যে ২৬ এপ্ৰিলত বিটিআৰৰ এমচিএলএ পৱিত্ৰ বড়োই উদ্বোধন কৰিছিল পথ নিৰ্মাণৰ কাম । এমচিএলএগৰাকীয়ে কামৰ তদাৰক কৰাৰ পৰিৱৰ্তে উদ্বোধন কৰিয়েই দায়িত্ব সামৰাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande