বৰপথাৰৰ টেঙানীত তিনিটা গুলীসহ পিষ্টল জব্দ
সৰুপথাৰ সমজিলাৰ বৰপথাৰত আৰক্ষীৰ সফলতা ।
বৰপথাৰৰ টেঙানীত তিনিটা গুলীসহ পিষ্টল জব্দ


গোলাঘাট, ১৯ মে' (হি.স.): সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত টেঙানীত তিনিটা গুলীসহ পিষ্টল জব্দ কৰা হৈছে। এইক্ষেত্ৰত আৰক্ষীয়ে এজন লোকক আটক কৰে।

জানিব পৰা মতে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ২ নং টেঙানীৰ পৰা গুলীসহ পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় । পিষ্টলৰ লগত উদ্ধাৰ কৰা গুলীৰ ভিতৰত দুটা গুলী সজীৱ । আৰক্ষীয়ে ২ নং টেঙানীৰ দোলন লাহন(২৯) নামৰ এজন যুৱকক এই সংক্ৰান্তত আটক কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande