হোজাই, ১৯ মে (হি.স.)। সামাজিক মাধ্যমত আপত্তি জনক পোষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত এজন যুৱক। হোজাই আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপল্লী অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱক জনক। ধৃত যুৱকজনৰ নাম চাহাবুদ্দিন ৰাইন।
যুৱক জনে সামাজিক মাধ্যম ফেচবুকত পাকিস্থান জিন্দাবাদ বুলি লিখা পোষ্ট শ্বেয়াৰ কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনক নিজ জিম্মাত ৰাখি আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ