ভাৰ্চুৱেল গেলেক্সি ইনফ’টেকৰ ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, প্ৰিমিয়াম তালিকাভুক্ত কৰাৰ পিছত উচ্চ চাৰ্কিটলৈ উত্থান
নতুন দিল্লী, ১৯ মে’ (হি.স.)। আই টি সেৱা পৰামৰ্শদাতা প্ৰতিষ্ঠান ভাৰ্চুৱেল গেলেক্সি ইনফ’টেকৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীসকলক আনন্দিত কৰি তুলিছে। ১৪২ টকা মূল্যত জাৰি কৰা কোম্পানীটোৰ শ্বেয়াৰ আজি এন এছ ইৰ এছ এম
स्टॉक मार्केट में वर्चुअल गैलेक्सी इंफोटेक की प्रीमियम लिस्टिंग के बाद लगा अपर सर्किट


নতুন দিল্লী, ১৯ মে’ (হি.স.)। আই টি সেৱা পৰামৰ্শদাতা প্ৰতিষ্ঠান ভাৰ্চুৱেল গেলেক্সি ইনফ’টেকৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীসকলক আনন্দিত কৰি তুলিছে। ১৪২ টকা মূল্যত জাৰি কৰা কোম্পানীটোৰ শ্বেয়াৰ আজি এন এছ ইৰ এছ এম ই প্লেটফৰ্মত ২৬.৭৬ শতাংশ প্ৰিমিয়ামেৰে ১৮০ টকাত প্ৰৱেশ কৰে। তালিকাভুক্ত হোৱাৰ কিছু সময়ৰ পিছতে ক্ৰয় সমৰ্থনৰ বাবে ষ্টকটো ১৮৯ টকাৰ উচ্চ চাৰ্কিট লেভেললৈ জপিয়াই পৰে। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীসকলে ব্যৱসায়ৰ প্ৰথম দিনটোতেই প্ৰায় ৩৩.১০ শতাংশ লাভ কৰে।

ভাৰ্চুৱেল গেলেক্সি ইনফ’টেকৰ ৯৩.২৯ কোটি টকাৰ আইপিঅ’ ৯ মে’ৰ পৰা ১৪ মে’ৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আইপিঅ’ই বিনিয়োগকাৰীৰ পৰা তীব্ৰ সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ২৩১.৪৫ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। ইয়াৰে যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ১২৯.৭২ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ৫৯০.২৭ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ১৩৪.০৩ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১০ টকাৰ মুদ্ৰা মূল্যৰ ৬৫.৭০ লাখ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে।

কোম্পানীটোৱে আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন নাগপুৰত অতিৰিক্ত উন্নয়নৰ সুবিধা স্থাপন, পুৰণি ঋণ পৰিশোধ, ডাটা চেণ্টাৰত চাৰ্ভাৰ আৰু ষ্ট’ৰেজ চিষ্টেম স্থাপন আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।

প্ৰস্পেক্টচত দাবী কৰা ধৰণে কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২১-২২ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ ৪০ লাখ টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২২-২৩ত ৭২ লাখ টকালৈ বৃদ্ধি পাই ২০২৩-২৪ চনত ১৬.৫৪ কোটি টকাৰ স্তৰত উপনীত হয়। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ ২১ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৬৩.৫৮ কোটি টকা হয়৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande