আজিকালি অজয় দেৱগানৰ ‘ৰেইড-২’ ছবিখনে বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। ১ মে’ত মুক্তি পোৱা এই ছবিখনৰ যাদু এতিয়াও তৃতীয় সপ্তাহত অক্ষত অৱস্থাত আছে আৰু দৰ্শকৰ মাজত ইয়াৰ দখল দুৰ্বল হোৱা নাই। বহু বিশ্লেষকে বিশ্বাস কৰিছিল যে টম ক্ৰুজৰ ‘মিছন ইম্প’চিবল ৮’ মুক্তিৰ ফলত ‘ৰেড-২’ৰ গতি লেহেমীয়া হ’ব পাৰে, কিন্তু তেনেকুৱা একো দেখা নগ’ল। ইয়াৰ বিপৰীতে ছুটিৰ দিনটোত ছবিখনৰ উপাৰ্জনত আৰু অধিক জঁপিয়াই পৰিল, যিটো অজয় দেৱগানৰ তাৰকা শক্তি আৰু ছবিখনৰ শক্তিশালী কাহিনীৰ প্ৰমাণ।
বক্স অফিচৰ ট্ৰেকাৰ সাকনিলকৰ মতে, ‘ৰেইড-২’ মুক্তিৰ ১৮ তাৰিখে অৰ্থাৎ তৃতীয় দেওবাৰে ৫.৫০ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে ছবিখনৰ ঘৰুৱা বক্স অফিচ সংগ্ৰহ ১৪৯ কোটি টকা হৈছেগৈ। ছবিখনৰ সফলতা কেৱল দেশতে সীমাবদ্ধ নহয়, ‘ৰেইড-২’ৰ প্ৰতিধ্বনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো শুনা গৈছে। মাত্ৰ ৪৮ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে সমগ্ৰ বিশ্বতে ১৯৪ কোটিতকৈও অধিক উপাৰ্জন কৰিছে।
‘ৰেইড-২’ৰ পৰিচালক ৰাজ কুমাৰ গুপ্তাৰ, ইয়াৰ প্ৰযোজক ভূষণ কুমাৰ। পত্নীৰ চৰিত্ৰত অভিনয় কৰা অজয় দেৱগানৰ বিপৰীতে দেখা গৈছে বাণী কাপুৰক। ৰিতেশ দেশমুখে ছবিখনত দাদা ভাইৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও ৰজত কাপুৰ, সৌৰভ শুক্লা, সুপ্ৰিয়া পাঠক, অমিত ছিয়ালৰ দৰে অভিজ্ঞ অভিনেতাইও ছবিখনত বলিষ্ঠ অভিনয়েৰে দৰ্শকক আপ্লুত কৰিছে। এই ছবিখন ২০১৮ চনত মুক্তি পোৱা ‘ৰেইড’ৰ ছিকুৱেল, যিখন ছবি অ’টিটি প্লেটফৰ্ম জিঅ’ চিনেমাত উপলব্ধ।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী