নতুন দিল্লী, ১৯ মে’ (হি.স.)। দেওবাৰে নিশা স্পেনিছ লীগ লা লিগা ২০২৫ৰ ঘৰুৱা অন্তিমখন খেলত ভিলাৰিয়েলৰ হাতত ২-৩ গ’লত পৰাস্ত হয় বাৰ্চিলোনা। ২০২৫ চনত বাৰ্চিলোনাৰ এইটোৱেই প্ৰথম লীগ পৰাজয়। কিন্তু এই পৰাজয়ে খিতাপত কোনো প্ৰভাৱ পেলোৱা নাছিল কাৰণ বাৰ্চিলোনে ইতিমধ্যে চলিত ছিজনৰ লা লিগা খিতাপ দখল কৰিছিল।
মেচখনৰ আৰম্ভণিতে ভিলাৰেলে বাৰ্চিলোনাৰ খেলুৱৈসকলক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে, য’ত তেওঁলোকে নতুন চেম্পিয়নসকলক আদৰণি জনায়। ইয়াৰ পিছতো তেওঁলোকে খেলপথাৰত উজ্জ্বল প্ৰদৰ্শন কৰি জয়লাভ কৰে।
ভিলাৰিয়েলৰ হৈ চতুৰ্থ মিনিটত আয়’জে পেৰেজে এটা উজ্জ্বল ব্ৰেকআৱে গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছতে লামিনে য়ামালে আন এটা উজ্জ্বল গ’লেৰে সমতা স্থাপন কৰে। হাফ টাইমৰ পূৰ্বে ফাৰ্মিন লোপেজে বাৰ্চিলোনাক অগ্ৰগতি প্ৰদান কৰিছিল যদিও দ্বিতীয়াৰ্ধৰ চেণ্টিয়াগো ক’মেছানা আৰু টাজন বুকানানৰ গ’লে ভিলাৰিয়েলক জয়ৰ সুবিধা প্ৰদান কৰে।
১৫খন খেলৰ অন্তত পৰাস্ত হোৱা বাৰ্চিলোনাত চেম্পিয়নছ লীগৰ টিকট নিশ্চিত কৰিলে ভিলাৰিয়েলে
২০২৪ চনৰ ২১ ডিচেম্বৰত এটলেটিকো মাদ্রিদৰ হাতত ২–১ গ’লত পৰাস্ত হোৱাৰ পাছত এই পৰাজয় বার্চিলোনাৰ প্রথমটো আছিল ৷ ইয়াৰ পিছত ক্লাবটোৱে ১৫খন খেলত ১২খন জয় আৰু ২খন ড্ৰ’ লাভ কৰে। একে সময়তে ভিলাৰিয়েলৰ এইটোৱেই আছিল একেৰাহে পঞ্চমটো জয়, ২০২২ চনৰ পিছত প্ৰথমবাৰৰ বাবে চেম্পিয়নছ লীগলৈ ঘূৰি অহাটো নিশ্চিত কৰিছিল।
স্পেইনৰ ৫টা দলে অহাবাৰ চেম্পিয়নছ লীগত খেলিব
এতিয়া ভিলাৰিয়েলে বাৰ্চিলোনা, ৰিয়েল মাদ্রিদ, এটলেটিকো মাদ্রিদ আৰু এথলেটিক বিলবাওৰ সৈতে চেম্পিয়নছ লীগ ২০২৫-২৬ত অংশ ল’ব ৷ অৰ্থাৎ অহাবাৰ স্পেইনৰ পাঁচটা দলে ইউৰোপৰ আটাইতকৈ ডাঙৰ ক্লাব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
ইউৰোপৰ অন্যান্য প্ৰতিযোগিতাসমূহৰ অৱস্থা
ইউৰোপা লীগৰ টিকট নিশ্চিত কৰিছে ৰিয়েল বেটিছে। ইফালে ইউৰোপা লীগ আৰু কনফাৰেন্স লীগৰ বাকী থকা স্থানৰ বাবে চেলটা ভিগো, ৰায়ো ভিকেনো আৰু অছাছুনাই কঠিন যুঁজত আবদ্ধ হৈ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া