আই পি এল ২০২৫: কেকেআৰৰ শিৱম শুক্লা আৰু আৰচিবিত মুজাৰবাণী চামিল
নতুন দিল্লী, ১৯ মে’ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ বাকী থকা মেচসমূহৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ নিজৰ দলৰ পৰিৱৰ্তন সাধন কৰিছে। ৱেষ্ট ইণ্ডিজৰ অল-ৰাউণ্ডাৰ ৰভমেন পাৱেলৰ ঠাইত
आईपीएल 2025: शिवम शुक्ला और मुजरबानी


নতুন দিল্লী, ১৯ মে’ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ বাকী থকা মেচসমূহৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ নিজৰ দলৰ পৰিৱৰ্তন সাধন কৰিছে। ৱেষ্ট ইণ্ডিজৰ অল-ৰাউণ্ডাৰ ৰভমেন পাৱেলৰ ঠাইত কলকাতা নাইট ৰাইডাৰ্ছে দলটোত শিৱম শুক্লাক অন্তৰ্ভুক্ত কৰিছে। একেদৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰেও দক্ষিণ আফ্ৰিকাৰ লুংগি ঙিডিৰ ঠাইত জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানীক দলত অন্তৰ্ভুক্ত কৰিছে।

টনচিলৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰতিযোগিতাৰ পৰা আঁতৰি আছে পাভেল। তেওঁৰ সলনি শিৱম শুক্লা হৈছে ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশক প্ৰতিনিধিত্ব কৰা লেগ স্পিনাৰ। ৩০ লাখ টকাত চুক্তিবদ্ধ হৈছে তেওঁক। দক্ষিণ আফ্ৰিকাৰ লুংগি ঙিডিৰ ঠাইত জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানীক ক্ৰয় কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে। ২০২৫ চনৰ ২৬ মে’ৰ পৰা আই পি এল এৰি দক্ষিণ আফ্ৰিকাৰ জাতীয় দলত যোগদান কৰিব ঙিডিয়ে।এনে পৰিস্থিতিত আৰ চি বিয়ে ৭৫ লাখ টকাত মুজাৰাবানীক দলৰ অংশ হিচাপে গঢ়ি তুলিছে।

ব্লেছিং মুজাৰাবানীয়ে এই পৰ্যন্ত ৭০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে, য’ত তেওঁ ৭৮টা উইকেট দখল কৰিছে। ইয়াৰ উপৰিও তেওঁ জিম্বাবুৱেক প্ৰতিনিধিত্ব কৰি ১২খন টেষ্ট আৰু ৫৫খন এদিনীয়া মেচতো অংশগ্ৰহণ কৰিছে। তেওঁৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি আৰ চি বিয়ে আশা কৰিছে যে তেওঁ বলিং বিভাগক শক্তিশালী কৰিব।

এই দুয়োটা পৰিৱৰ্তনেই আই পি এলৰ অন্তিম পৰ্যায়ৰ দলসমূহৰ বাবে নিৰ্ণায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande