অলংকাৰ বজাৰত সোণ জিলিকিছে, ৰূপৰ দামো বাঢ়িছে
নতুন দিল্লী, ১৯ মে’ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত বুলিছ ট্ৰেণ্ড দেখা গৈছে। আজি সোণৰ মূল্য ৩৫০ টকাৰ পৰা ৩৮০ টকালৈ বৃদ্ধি পাইছে। একেদৰে ৰূপতো আজি প্ৰতি কিলোগ্ৰামত ১০০০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট স
सर्राफा बाजार में सोना और चांदी के भाव में तेजी का रुख


নতুন দিল্লী, ১৯ মে’ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত বুলিছ ট্ৰেণ্ড দেখা গৈছে। আজি সোণৰ মূল্য ৩৫০ টকাৰ পৰা ৩৮০ টকালৈ বৃদ্ধি পাইছে। একেদৰে ৰূপতো আজি প্ৰতি কিলোগ্ৰামত ১০০০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৫,৫১০ টকাৰ পৰা ৯৫,৬৬০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৫৫০ টকাৰ পৰা ৮৭,৭০০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ৯৮ হাজাৰ টকাৰ হাৰত ব্যৱসায় কৰি আছে।

দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৫,৬৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৭০০ টকা। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৫১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৫৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৫,৫৬০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৬০০ টকা। এই বৃহৎ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৫১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৫৫০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৫,৫১০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৫৫০ টকা।

আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৬৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৭০০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ৯৫,৫৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৭,৬০০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৬৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৭০০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৫,৫১০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৫৫০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande