বাক্সা, ১৯ মে (হি.স.)। এবছুৰ সভাপতি দিপেন বড়ো বিজেপিত যোগদান কৰাৰ চৰ্চা সন্দৰ্ভত আজি মন্তব্য প্ৰকাশ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ । আমাৰ দলত যোগদান কৰাৰ বাবে সকলোৰে দুৱাৰ খোলা আছে। আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অকলশৰে নিৰ্বাচন খেলিব। কিমানখন আসনত প্ৰতিদন্দিতা কৰিম কিছু দিন পিছত সেয়া পৰ্যালোচনা কৰা হব।
কাৰ্য্যকৰ্তাৰ মনৰ বতৰাৰ জৰিয়তে কত আমি নিৰ্বাচন খেলিম সেয়া লক্ষ্য কৰা হব। গৌৰৱ গগৈৰ পাকিস্তান যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে, মুখ্যমন্ত্ৰীয়ে তথ্যভিত্তিক কথা কয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান আমি বছৰৰ প্ৰতিদিনে খুলা ৰাখিব পাৰিলে ভাল।বাক্সাৰ শালবাৰীত বিজেপিৰ বিশেষ সাংগঠনিক সভাত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিতকুমাৰ দাসৰ মন্তব্য প্ৰকাশ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ