দৰং, ১৮ মে’ (হি.স.): খাৰুপেটীয়া আৰক্ষীয়ে যোৱাকালি শনিবাৰে সন্ধিয়া আটক কৰিলে কূ্খ্যাত ঠিকাদাৰ ছহিদুল ইছলামক। মাটি বাৰী কিনা বেচা সংক্ৰান্তত জাল চহী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ঠিকাদাৰ ছহিদুলৰ বিৰুদ্ধে ।
খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰে ঠিকাদাৰ ছহিদুল ইছলামক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে খাৰুপেটীয়া আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ