কাশ্মীৰৰ হুৰিয়তৰ পৰা আৰু তিনিটা গোট বিচ্ছিন্ন হোৱাটো সংবিধানৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস: অমিত শ্বাহ
শ্ৰীনগৰ, ০৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিচ্ছিন্নতাবাদী সংগঠন হুৰিয়ত সন্মিলনৰ পৰা আৰু তিনিটা দল জম্মু কাশ্মীৰ ইছলামিক পলিটিকেল পাৰ্টি, জম্মু কাশ্মীৰ মুছলিম ডেম’ক্ৰেটিক লীগ আৰু কাশ্মীৰ ফ্ৰিডম ফ্ৰণ্ট বিচ্ছিন্ন হৈছে। তেওঁলো
तीन और समूह हुर्रियत से अलग हुए- अमित शाह


শ্ৰীনগৰ, ০৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিচ্ছিন্নতাবাদী সংগঠন হুৰিয়ত সন্মিলনৰ পৰা আৰু তিনিটা দল জম্মু কাশ্মীৰ ইছলামিক পলিটিকেল পাৰ্টি, জম্মু কাশ্মীৰ মুছলিম ডেম’ক্ৰেটিক লীগ আৰু কাশ্মীৰ ফ্ৰিডম ফ্ৰণ্ট বিচ্ছিন্ন হৈছে। তেওঁলোকৰ এই পদক্ষেপে সংবিধানৰ প্ৰতি মানুহৰ আস্থা প্ৰতিফলিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰি কয় যে জম্মু কাশ্মীৰ ইছলামিক পলিটিকেল পাৰ্টি, জম্মু কাশ্মীৰ মুছলিম ডেম’ক্ৰেটিক লীগ আৰু কাশ্মীৰ ফ্ৰিডম ফ্ৰণ্ট ক্ৰমে আৰু তিনিটা সংগঠনে হুৰিয়তৰ পৰা নিজকে বিচ্ছিন্ন কৰিছে। ভাৰতৰ সংবিধানৰ প্ৰতি উপত্যকাৰ জনসাধাৰণৰ যি বিশ্বাস আছে তাৰ এক বৃহৎ প্ৰদৰ্শন এয়া।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতৰ সপোন আজি অধিক শক্তিশালী হৈ উঠিছে কাৰণ এনে ১১টা সংগঠনে বিচ্ছিন্নতাবাদ ত্যাগ কৰি দেশক শক্তিশালী কৰাৰ বাবে অদম্য সমৰ্থন ঘোষণা কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰ। সোমবাৰে শ্বাহে ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এটা ফৰৱাৰ্ড পোষ্ট পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande