নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংহতি প্ৰকাশ কৰে।
এই বৈঠকত মুখ্যমন্ত্ৰী নাইডুৰ সৈতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে. ৰামামোহন নাইডু, কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰ পেম্মাছানী আৰু সাংসদ লাভু কৃষ্ণ দেৱৰাইলুও উপস্থিত থাকে।
এই বৈঠকৰ ছবিখন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী নাইডুৱে লিখিছে, ‘মই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংহতি প্ৰকাশ কৰিলোঁ।
পেহেলগামত সংঘটিত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশখনক দুখ দিছে। এই ধৰণৰ কাপুৰুষীয়া হিংসাক যিমান নিন্দা কৰা হয় সেয়াও যথেষ্ট নহয়। অন্ধ্ৰ প্ৰদেশৰ চৰকাৰ আৰু জনসাধাৰণে নিহতসকলৰ পৰিয়ালৰ সৈতে সংহতিৰে থিয় দিছে। ভাৰতৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিৰ্ণায়ক নেতৃত্বক আমি আমাৰ সম্পূৰ্ণ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া