গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। কামাখ্যা মন্দিৰৰ সমীপত পোহৰলৈ আহিছে এক ভয়ানক মাৰপিটৰ ঘটনা। কামাখ্যা মন্দিৰৰ পৰা বগলা মন্দিৰলৈ যোৱাৰ পথত সংঘটিত হৈছে এই ঘটনা।
সোমবাৰে আৰক্ষীয়ে দিয়া তথ্য অনুসৰি গুৱাহাটীৰ সুবোধ কুমাৰ সিং নামৰ এজন লোকক প্ৰায় ১৫ জনীয়া এটা দলে আক্ৰমণ কৰে। কামাখ্যা মন্দিৰৰ ফালে গৈ থকা অৱস্থাত আক্ৰমণকাৰীয়ে ঘেৰি ধৰি বেয়াকৈ প্ৰহাৰ কৰে।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সুবোধ কুমাৰ সিং। এই সন্দৰ্ভত কামাখ্যা থানাত এজাহাৰ দাখিল কৰিছে সিঙে।
কামাখ্যা আৰক্ষীয়ে এই পৰ্যন্ত ৬ জন লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া