নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। কেথলিক গীৰ্জাৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছতে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সকলো খেল পিছুৱাই দিছে ইটালীৰ শীৰ্ষ ফুটবল লীগ ছিৰি এ। ভেটিকানে তেওঁৰ মৃত্যু নিশ্চিত কৰি ভিডিঅ’ বিবৃতি প্ৰকাশ কৰে। ৮৮ বছৰীয়া পোপ ফ্ৰান্সিছ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু শেহতীয়াকৈ তেওঁ ডাবল নিউমোনিয়াৰো গুৰুতৰ সমস্যাত ভুগিছিল।
পোপ ফ্ৰান্সিছ আছিল ফুটবলৰ বৃহৎ অনুৰাগী
পোপ ফ্ৰান্সিছ কেৱল বিশ্বৰ কেথলিক সম্প্ৰদায়ৰ আধ্যাত্মিক মুৰব্বী নাছিল, ফুটবলৰ এজন ডাঙৰ অনুৰাগী হিচাপেও গণ্য কৰা হৈছিল। আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা পোপ ফ্ৰান্সিছ গোটেই জীৱন ফুটবলৰ সৈতে জড়িত হৈ আছে।
ছিৰি এ আৰু প্ৰাইমা ভেৰা ১ৰ মেচ স্থগিত
লীগে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত আজি (সোমবাৰ) অনুষ্ঠিত হ’বলগীয়া ছিৰি এ আৰু প্ৰাইমা ভেৰা ১ৰ সকলো মেচ পিছুৱাই দিয়া হৈছে।” শীঘ্ৰে ঘোষণা কৰা হ’ব স্থগিত মেচসমূহৰ নতুন তাৰিখ।
ভেটিকান চহৰত শোকৰ লহৰ
পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত ভেটিকান চহৰকে ধৰি সমগ্ৰ বিশ্বতে শোকৰ জোৱাৰ উঠিছে। কেথলিক সম্প্ৰদায় আৰু ফুটবল প্ৰেমীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া