গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালকে ধৰি বিভিন্নজনৰ বীৰাংগনা সতী সাধনীক স্মৰণ কৰে। বীৰাংগনা সাধনীক স্মৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মহীয়সী অসমীয়া নাৰীৰ বীৰত্বৰে মহীয়ান ভাৰত বুৰঞ্জী ৷ চুতীয়া সম্ৰাজ্যৰ ৰাণী সতী সাধনীৰ স্বজাতি তথা স্বদেশৰ প্ৰতি কৰা ত্যাগে বীৰাংগনাগৰাকীক যুগ যুগলৈ বন্দিত কৰি ৰাখিব ৷ এক ভিডিঅ' বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, 'চুতীয়া ৰাজ্য আৰু প্ৰজাগনৰ স্বাভিমান ৰক্ষাৰ বাবে বীৰাংগনা সাধনীয়ে আত্মবলিদান দিছিল, সেই ৰাজ্য আৰু চুতীয়া জাতি অসমৰ গৰিমামণ্ডিত ইতিহাসৰ এক সোণোৱালী অধ্যায়ৰ অংশ।'
একেদৰে বীৰাংগনা সাধনীক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, 'বীৰাংগনা সতী সাধনীৰ অদম্য সাহস, পৰাক্ৰম আৰু ত্যাগৰ অমৰ গাথাই চুতীয়া সাম্ৰাজ্যৰ বুৰঞ্জীক মহিমামণ্ডিত কৰি থৈ গৈছে। তেওঁৰ অতুলনীয় কৰ্মচেতনা আৰু স্বদেশ-স্বজাতিৰ প্ৰতি দায়বদ্ধতাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব।' লোকসভাৰ বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়েও বীৰাংগনা সাধনীক স্মৰণ কৰি কয়, 'সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। দেশ আৰু জাতিৰ বাবে আত্মবলিদান দিয়া নাৰীশক্তিৰ অনন্য উদাহৰণ দাঙি ধৰা বীৰাংগনা গৰাকীক মৃত্যু তিথিত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো।'
একেদৰে কৃষিমন্ত্ৰী অতুল বৰাই কয়– 'দেশপ্ৰেম, ত্যাগৰ অতুলনীয় গাথাৰে ইতিহাসৰ পাতত জিলিকি ৰোৱা এটি নাম হ'ল বীৰাংগনা সতী সাধনী। এই সাহসৰ নিদৰ্শনেৰে প্ৰতিগৰাকী ব্যক্তিয়ে অনুপ্ৰাণিত হোৱা উচিত।'
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী