গুৱাহাটী মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন
সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ'বলৈ সাধনীয়ে আমাক সদায়েই অনুপ্ৰেৰণা যোগাই আহিছে গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যজুৰি সশ্ৰদ্ধ স্মৰণ কৰা হয়। উল্লেখ্য যে ১৫২৪ খ্
গুৱাহাটী মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি  দিৱস  পালন


সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ'বলৈ সাধনীয়ে আমাক সদায়েই অনুপ্ৰেৰণা যোগাই আহিছে

গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যজুৰি সশ্ৰদ্ধ স্মৰণ কৰা হয়। উল্লেখ্য যে ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে তথা সাত ব'হাগত চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী তথা বীৰাংগনা সতী সাধনীয়ে দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল | ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰাজধানী গুৱাহাটীৰ মহানগৰীতো স্বদেশপ্ৰেমৰ যুগজয়ী প্ৰতীক তথা অসমৰ মহীয়সী বীৰাংগনা সাধনীক স্মৰণ কৰা হয়।

এই উপলক্ষে বৰবাৰীৰ পাথৰকুৱেৰী মেগাজিনস্থিত সাধনী ভৱনত দিনজোৰা কাৰ্যসূচীৰ সাধনীৰ স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটীবাসী চুতীয়া সমাজৰ উদ্যোগত তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰি মহিয়সী নাৰী গৰাকীক স্মৰণ কৰে। দিব্যজ্যোতি ৰাজখোৱা আৰু কুণ্ডিল চুতীয়াই সাধনী স্মৃতি দিৱসৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰাৰ পাছতে চৌহদত থকা বীৰাংগনা সাধনী প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে। একেদৰে পুষ্পাঞ্জলী অৰ্পণ কৰে সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ কোষাধ্যক্ষ ৰঞ্জন চুতীয়াই। সাধনীক স্মৰণ কৰি চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক দাসে কয় যে প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যি কেইগৰাকী অসমীয়া বীৰ- বীৰাংগনা নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত অন্যতম বীৰাংগনা সতী সাধনী। তেওঁৰ আত্মমৰ্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ'বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাই আহিছে।

আনহাতে, এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি তৰুণ চুতীয়াৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতি চুতীয়াই কয় যে এইগৰাকী মহীয়সীৰ চৰম ত্যাগৰ ইতিহাসে বিশ্বৰ জনমানসত অসমীয়া নাৰীক যুগে যুগে মৰ্যাদাপূৰ্ণ স্থানত উপনীত কৰোৱাই আহিছে। সতী সাধনীৰ আদৰ্শেৰে অসমৰ নতুন প্ৰজন্মক উদ্বুদ্ধ হ'বলৈ তেওঁ আহ্বান জনায়। সভাত নাট্যকাৰ মুনমী বৰদলৈ শইকীয়াই অংশগ্ৰহণ কৰি সাধনীৰ জীৱনবিতান্ত দাঙি ধৰে। লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণত সম্পাদক দাসে চুতীয়া জাতিৰ ইতিহাস দাঙি ধৰে। সভাত জ্যেষ্ঠ নাগৰিক আনন্দ বৰুৱা, অনন্ত নেওগ, সাংস্কৃতিক কৰ্মী স্মৃতিৰেখা শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে অনুষ্ঠানত বৰতিলা শিৱ মন্দিৰ দিহানাম দলে দিহানাম পৰিৱেশন কৰাৰ লগতে কে'বাটাও দলে চুতীয়াৰ কৃষ্টি-সংস্কৃতিৰ লগতে অন্যান্য জনজাতিসকলৰ নৃত্য প্ৰদৰ্শন কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande