মাদ্ৰিদ, ২১ এপ্ৰিল (হি.স.)। লা লিগা খিতাপৰ দৌৰত থাকিবলৈ ৰিয়েল মাদ্রিদে শেষ মুহূর্তত এক আচৰিত জয় লাভ কৰে ৷ দেওবাৰে গভীৰ নিশা অনুষ্ঠিত হোৱা খেলখনত ৯৩ মিনিটত ফেডে ভালভাৰ্ডে গ’ল দি এথলেটিক ক্লাবক ১-০ গ’লত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে মাদ্রিদে খিতাপৰ দৌৰত বার্চিলোনাৰ সৈতে চাৰি পইণ্টৰ ব্যৱধান বজাই ৰাখিছে ৷
বাৰ্চিলোনাৰ পিছত পৰাৰ উপক্ৰম হৈছিল মাদ্ৰিদ
চেম্পিয়নছ লীগত আৰ্চেনালৰ হাতত পৰাস্ত হোৱাৰ পিছত ৰিয়েল মাদ্রিদৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ আছিল। দীৰ্ঘদিন ধৰি গ’ল দিবলৈ সংগ্ৰাম কৰাৰ পাছত যেন দলটোৱে আন এক হতাশাজনক ফলাফলৰ সন্মুখীন হ’ব, কিন্তু উৰুগুৱেৰ তাৰকা খেলুৱৈ ভালভাৰ্ডে ষ্টপেজ টাইমত এক চমকপ্ৰদ গ’ল দি দলটোক জয়লাভ কৰোৱায়।
কাইলিয়ান এমবাপেৰ অনুপস্থিতি আৰু ভিনিচিয়াছৰ চমক
এথলেটিক ক্লাবে মেচখনৰ বাবে তেওঁলোকৰ কেইবাজনো তাৰকা খেলুৱৈক জিৰণি দিয়াৰ বিপৰীতে ৰিয়েল মাদ্রিদে কাইলিয়ান এমবাপেৰ অবিহনে খেলপথাৰত নামিছিল ৷ নিলম্বন আৰু ভৰিৰ গোৰোহাৰ আঘাতৰ সৈতে যুঁজিবলগীয়া হৈছে এমবাপে। ইফালে ভিনিচিয়াছ জুনিয়ৰে উজ্জ্বল খেল প্ৰদৰ্শন কৰি বাওঁফালৰ ফালে অবিৰত ৰানেৰে দৰ্শকৰ হাত চাপৰি বজাবলৈ সক্ষম হয়। যদিও তেওঁ এটা গ’ল দিছিল, এণ্ড্ৰিক অফছাইড হোৱাৰ বাবে গ’লটো অযোগ্য ঘোষণা কৰা হৈছিল।
বেলিংহামৰ মিছ আৰু গ’লৰক্ষক চাইমনৰ সুন্দৰ প্ৰতিৰক্ষা
দ্বিতীয়ার্ধত ৰিয়েল মাদ্রিদে আক্রমণাত্মক মনোভাৱ প্রদর্শন কৰে ৷ ৰড্ৰিগো আৰু কামাভিংগাই সুযোগ পাইছিল যদিও এথলেটিকৰ গ’লৰক্ষক উনাই ছিমিওনে কিছু চমকপ্ৰদ ছেভ কৰিছিল। ভিনিচিয়াছেও এটা সুন্দৰ ক্ৰছ দিয়ে যিটো বেলিংহামে হেড ইন কৰে যদিও ছিমিওনে সেইটোও ৰক্ষা কৰে। অন্তিম মুহূৰ্তত বেলিংহামে পেনাল্টিৰ বাবে আবেদন জনায় যদিও ৰেফাৰীয়ে পেনাল্টি নাকচ কৰে।
কিং ভালভাৰ্ডে দিলে জয়লাভ, এতিয়া কোপা ডেল ৰেৰ ফাইনেলত চকু
ঠিক যেতিয়া মেচখন ড্ৰ’ৰ দিশে আগবাঢ়িছিল, তেতিয়াই ফেডে ভালভাৰ্ডে বক্সৰ বাহিৰৰ পৰা এটা চমৎকাৰ ষ্ট্ৰাইক প্ৰস্তুত কৰিছিল যিটোৱে ছিমিওনেৰ ওচৰলৈও নাপালে। এই গ’লেৰে ৰিয়েল মাদ্রিদে জয়লাভ কৰে আৰু এতিয়া দলটো কোপা ডেল ৰেৰ ফাইনেলত বার্চিলোনাৰ মুখামুখি হ’বলৈ সাজু হৈছে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া