ৰাণী মুখাৰ্জীয়ে শেষবাৰৰ বাবে ‘মিচেছ. চেটাৰ্জী বনাম নৰৱে’ চমকপ্ৰদ অভিনয় কৰাৰ পাছক আকৌ এবাৰ একচন অৱতাৰত প্ৰত্যাৱৰ্তন কৰিছে। এইবাৰ ‘মৰ্দানী ৩’ত তেওঁক শক্তিশালী আৰক্ষী বিষয়া শিবানী শিৱাজী ৰয়ৰ চৰিত্ৰত দেখা যাব। শেহতীয়াকৈ ছবিখনৰ ৰাণীৰ প্ৰথম আভাস মুক্তি পাইছে, য’ত তেওঁ নিজৰ তীব্ৰ আৰু গুৰুতৰ দৃষ্টিৰে অপৰাধীক প্ৰত্যাহ্বান জনোৱা দেখা গৈছে।
অভিৰাজ মিনাৱালাৰ পৰিচালনা আৰু যশ ৰাজ ফিল্মছে প্ৰযোজনা কৰিছে ছবিখন। ইতিমধ্যে মৰ্দানী ৩ৰ টিজাৰ পোষ্টাৰে অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে আৰু এতিয়া এই আভাসে পুনৰ ৰাণীৰ একচন অৱতাৰক লৈ আশাৰ সঞ্চাৰ কৰিছে। ‘মৰ্দানী ৩’ৰ প্ৰথমখন পোষ্টাৰত ৰাণী মুখাৰ্জীৰ প্ৰচণ্ড একচন অৱতাৰৰ আভাস পোৱা গৈছে। হাতত বন্দুক আৰু চকুত অপৰাধৰ বিৰুদ্ধে ক্ষোভ লৈ ৰাণীৰ লুকটোৱে দৰ্শকক সোঁৱৰাই দিছে যে যি শক্তিশালী শৈলীৰে তেওঁ ‘মৰ্দানী’ ধাৰাবাহিকখনত নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিছিল।
এতিয়া এইটোও স্পষ্ট হৈ পৰিছে যে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীত ছবিখন ছবিগৃহত মুক্তি পাব। ২০১৪ চনত মুক্তি পোৱা ‘মৰ্দানী’ আৰু তাৰ পিছত ২০১৯ চনত মুক্তি পোৱা ‘মৰ্দানী-২’ত ইন্সপেক্টৰ শিৱানী শিৱাজী ৰায়ৰ চৰিত্ৰত ৰাণীয়ে শিশু সৰবৰাহ আৰু যৌন অপৰাধৰ দৰে গুৰুতৰ বিষয়ত অপৰাধীৰ সৈতে যুঁজিছিল। এতিয়া এটা নতুন প্ৰত্যাহ্বান আৰু আগৰ তুলনাত অধিক তীব্ৰ একচন দেখা গৈছে ‘মৰ্দানী ৩’ত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া