আৰক্ষীক ৰাজনৈতিক কামত ব্যৱহাৰৰ অভিযোগ; ৰাজ্যিক নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ
গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। চলিত পঞ্চায়ত নিৰ্বাচনত ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিৰোধীক নিৰস্ত্ৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপিৰ চৰকাৰ। - এই অভিযোগ ৰাজ্যৰ বিৰোধী দলসমূহৰ মিত্ৰজোঁট 'অসম সন্মিলিত মৰ্চা' চমুকৈ 'অসম'ৰ।
আজি এক প্ৰেছ বিজ্ঞপ্তিত অসম মিত্ৰজোঁটৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপিৰ চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষীক ব্যৱহাৰ কৰি বিৰোধী প্ৰাৰ্থীসকলৰ নিৰ্বাচনী কামকাজ ৰুদ্ধ কৰি আছে।
গগৈ আৰু ভূঞাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱাৰ পিছৰে পৰাই বিজেপি দলে বিৰোধী দলৰ প্ৰাৰ্থীসকলক ভয়-ভাবুকিৰে প্ৰভাৱিত কৰাৰ চেষ্টা চলাই আহিছে। বিৰোধী কোনোবা দলৰ প্ৰাৰ্থী হ'লে সেই প্ৰাৰ্থীয়ে ইতিপূৰ্বে লাভ কৰা অৰুণোদয় আঁচনি কাটি দিয়া, চৰকাৰী ধনেৰে নিৰ্মাণ কৰা ৰাস্তাৰ মাটি-শিল উঠাই লৈ যোৱা, মন্দিৰ-নামঘৰলৈ আগবঢ়োৱা সাহায্যৰ ধন ঘুৰাই লৈ যোৱা আদি ভাবুকি দি বিজেপিৰ একাংশ নেতাই বিজেপিৰ বিৰুদ্ধে যাতে কোনো প্ৰাৰ্থী অৱতীৰ্ণ নহয়, তাৰ বাবে হেঁচাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ কৰে। তেনে প্ৰত্যাহ্বান নেওচি প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰাৰ পাছত ৰাজ্যৰ বহু ঠাইত বহু প্ৰাৰ্থীক ভয়-ভাবুকিৰ লগতে আৰক্ষী লগাই মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিছিল। বহু প্ৰাৰ্থী বা তেওঁলোকৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দি উক্ত প্ৰাৰ্থীসকলক নিৰ্বাচনী যুঁজৰ পৰা আঁতৰাই ৰাখিবলৈ আৰক্ষীক ব্যৱহাৰ কৰিছিল। তৎস্বত্ত্বেও বিৰোধী দলসমূহৰ মনোবল ভাঙিব নোৱাৰি এতিয়া প্ৰচাৰ অভিযানৰ সময়ত বিৰোধী প্ৰাৰ্থী আৰু ৰাইজ উভয়ক ভয়-ভাবুকিৰে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক প্ৰভাৱিত কৰিছে বুলিও অসম সন্মিলিত মৰ্চাৰ নেতৃদ্বয়ে অভিযোগ কৰে।
তেওঁলোকে পুনৰ কয় যে, বিজেপি দল আৰু চৰকাৰৰ এনে সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী, স্বেচ্চাচাৰী কাৰ্য্যকলাপক গৰিহণা দি 'অসম' মিত্ৰজোঁটৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে বিৰোধী দলসমূহক বশ কৰিবলৈ চৰকাৰী পক্ষই ক্ষমতাৰ অপপ্ৰয়োগ কৰাটো দুৰ্ভাগ্যজনক। ইফালে এনে অপপ্ৰয়াসৰ পৰা বিৰত থাকিবলৈ বিজেপি দল আৰু চৰকাৰক ভূঞা আৰু গগৈয়ে সকীয়াই দিয়ে।
ভূঞা আৰু গগৈয়ে লগতে বিষয়টো ৰাজ্যিক নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰি কয় যে এনে অন্যায় আৰু অনৈতিক কাৰ্য্যসমূহৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। তাৰ ভিত্তিত ৰাজ্যিক নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰাটো উচিত আছিল। এতিয়াও নিৰ্বাচন আয়োগৰ ওচৰত ব্যৱস্থা গ্ৰহণৰ সময় আৰু সুযোগ আছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত নিৰ্বাচনৰ স্বচ্ছতা আৰু নিৰপেক্ষতা নিৰ্ভৰ কৰে। এই বিষয়টোত ৰাজ্যিক নিৰ্বাচন ধ্যান দিয়া উচিত বুলি ভূঞা আৰু গগৈয়ে মত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী