বক্স অফিচত ‘জাত’ৰ আধিপত্য, দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ
শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘জাত’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে ছানী দেওলে। যোৱা ১০ এপ্ৰিলত ছবিগৃহত মুক্তি পোৱা ছবিখনে মুক্তিৰ প্ৰথম দিনাৰ পৰাই দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বক্স অফিচৰ সংগ্ৰহত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা ছবিখন চাব
বক্স অফিচত ‘জাত’ৰ আধিপত্য


শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘জাত’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে ছানী দেওলে। যোৱা ১০ এপ্ৰিলত ছবিগৃহত মুক্তি পোৱা ছবিখনে মুক্তিৰ প্ৰথম দিনাৰ পৰাই দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বক্স অফিচৰ সংগ্ৰহত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা ছবিখন চাবলৈ চিনেমা হলৰ বাহিৰত মানুহৰ দীঘলীয়া শাৰী দেখা যায়। বিশেষকৈ উইকেণ্ডত ছবিখনৰ উপাৰ্জনত এক বৃহৎ জঁপিয়াই পৰিল।

বক্স অফিচ ট্ৰেকাৰ সাকনিলকৰ প্ৰতিবেদন অনুসৰি ছানী দেউলৰ ছবি ‘জাত’ মুক্তিৰ ১১ তাৰিখে অৰ্থাৎ দ্বিতীয় দেওবাৰে ৫.১৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ এতিয়া ৭৪.৫৫ কোটি টকা হৈছেগৈ। ছবিখনৰ বাজেট প্ৰায় ১০০ কোটি টকা বুলি কোৱা হৈছে। এইবাৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ছানী দেওলৰ বিপৰীতে দেখা গৈছে ৰনদীপ হুদাক। ৰনদীপৰ অভিনয়ে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে। এই একচন-ড্ৰামা ছবিখনৰ পৰিচালক হৈছে বিখ্যাত দক্ষিণ উদ্যোগৰ পৰিচালক গোপিচন্দ মালিনেনী।

ৰনদীপ হুদা আৰু ছানী দেওলৰ লগতে বিনীত কুমাৰ সিঙেও ‘জাত’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছবিখনত জাৰিনা ৱাহাব আৰু ছাইয়ামি খেৰৰ দৰে অভিনেতাইও নিজৰ শক্তিশালী অভিনয়েৰে কাহিনীটোক আৰু অধিক শক্তিশালী কৰি তুলিছে। সৰ্বভাৰতীয় মুক্তিৰ এই ছবিখন হিন্দী, মালয়ালম, তেলেগু, তামিল আৰু কানাড়া ভাষাত চাব পাৰিব। খবৰ অনুসৰি ছবিগৃহত ভাল প্ৰদৰ্শন কৰাৰ পিছত অচিৰেই অ’টিটিলৈ ৰাওনা হ’ব ‘জাত’। কোৱা হৈছে যে অহা মাহৰ আৰম্ভণিতে ছবিখনৰ ডিজিটেল প্ৰিমিয়াৰ নেটফ্লিক্সত হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande