12 Jul 2025, 17:10 HRS IST

গুজৰাটৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দুয়োগৰাকী নেতাৰ বৈ
গুজৰাটৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দুয়োগৰাকী নেতাৰ বৈঠকৰ ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে। ইফালে এক্সত মুখ্যমন্ত্ৰীয়ে লিখিছে, আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। আমি তেওঁৰ সৈতে গুজৰাটৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা কৰি চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধাসমূহ কেনেকৈ প্ৰতিজন হিতাধিকাৰীক অধিক ফলপ্ৰসূভাৱে প্ৰদান কৰিব পাৰি তাৰ ওপৰত তেওঁৰ পৰা বহুমূলীয়া নিৰ্দেশনা লাভ কৰিলোঁ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande