ইম্ফল, ২১ এপ্ৰিল (হি.স.)। মণিপুৰ আৰক্ষীয়ে ইম্ফল পশ্চিমৰ ৱাংগোই অঞ্চলৰ পৰা কেচিপি (পিডব্লিউজি)ৰ কেডাৰ তথা হাওৰেবি আৱাং লাইকাই নিবাসী উমানন্দ শৰংবাম (৩৭)ক গ্ৰেপ্তাৰ কৰে। মণিপুৰ আৰক্ষীৰ চৰকাৰী সূত্ৰই সোমবাৰে এই তথ্য প্ৰদান কৰে। আন এটা অভিযানত থৌবাল জিলাৰ হিৰোক-তৃতীয় ৱাইবিচি ক্লাবৰ ওচৰত তালাচী চলোৱা হয় য’ত নাবালককে ধৰি আৰু সাতজন কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত কেডাৰ কেইজনৰ ভিতৰত আছে ৱাইখম ডিংকু (২৮), মায়াংমায়ুম ৰিবাজ খান ওৰফে পাট (৪১), অংগম ববী ওৰফে ৱাটবা (৩৩), নিংথৌজাম চোবা সিং ওৰফে হিংচাবা (৩৮), লাইছাংথেম টম্বা ওৰফে থাবাল মেইটেই (২৫), মহম্মদ ছিৰাজুদ্দিন ওৰফে খাম (৪৫) আৰু এজন নাবালক।
তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা ইনছাছ এলএমজি, দুটা ইনছাছ ৰাইফল, এটা কাৰ্বাইন, এটা এমএ৩ এমকে-১১ ৰাইফল, এছএলআৰ মেগজিন, ৫.৫৬ মিলিমিটাৰৰ ৭৬টা গুলী, ৯ মিলিমিটাৰৰ ৬৯টা গুলী, ৩টা এছএলআৰ গুলী, ১৩টা .৩০৩ গুলী। ইয়াৰ উপৰিও দুটা ৰাউণ্ড চাৰ্জাৰ, ১১টা এণ্ড্ৰইড মোবাইল, দুটা কিপেড মোবাইল, তিনিটা ৰেডিঅ’ হেণ্ডছেট, দুটা ৰেডিঅ’ চাৰ্জাৰ, তিনিটা পিষ্টল হোলষ্টাৰো অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে এখন দুচকীয়া বাহন, এখন চাৰিচকীয়া বাহন, পাঁচখন আইডি কাৰ্ড, এখন ডেবিট কাৰ্ড, এখন চেক, ৩৮টা কেচিপি বেজ, চাৰিটা এমপিএ বেজো উদ্ধাৰ কৰা হৈছে। ইয়াৰ লগতে ২০ টকাৰ নেপালী মুদ্ৰাৰ সৈতে দুটা ষ্টাম্প পেড, নগদ ৩৪ টকা, ১১টা পিক-কেপ, দুটা আঁঠুৰ ৰক্ষক, দুটা বেল্ট, ১৪টা কেমফ্লেজ টি-চাৰ্ট, এটা জেকেট, ১২টা পেণ্ট, ৯টা বেগ, আঠযোৰ জোতা আৰু কিছু তথ্যচিত্ৰ সাহিত্যও উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া