বাংগালুৰুত উদ্ধাৰ ডিব্ৰুগড়ৰ যুৱকৰ মৃতদেহ
ডিব্ৰুগড়, ২১ এপ্ৰিল(হি.স.)। কৰ্ণাটকৰ বাংগালুৰুত উদ্ধাৰ কৰা হৈছে ডিব্ৰুগড়ৰ যুৱক এজনৰ মৃতদেহ। ডিব্ৰুগড় জিলাৰ টিংখাৰ দিচাং গাঁৱৰ বিপুল সোণোৱাল নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বাংগালুৰুৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱক জনৰ মৃতদেহ। উল্লেখ্য় যে
বাংগালুৰুত উদ্ধাৰ ডিব্ৰুগড়ৰ যুৱকৰ মৃতদেহ


ডিব্ৰুগড়, ২১ এপ্ৰিল(হি.স.)। কৰ্ণাটকৰ বাংগালুৰুত উদ্ধাৰ কৰা হৈছে ডিব্ৰুগড়ৰ যুৱক এজনৰ মৃতদেহ। ডিব্ৰুগড় জিলাৰ টিংখাৰ দিচাং গাঁৱৰ বিপুল সোণোৱাল নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বাংগালুৰুৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱক জনৰ মৃতদেহ। উল্লেখ্য় যে ১৪ দিনৰ পুৰ্বে বাংগালুৰুলৈ গৈছিল বিপুল সোণোৱাল।

বাংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল বিপুল সোণোৱাল। যুৱক জনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছত ডিব্ৰুগড়ৰ জিলাৰ অন্তৰ্গত যুৱক জনৰ গৃহ অঞ্চলটোত শোকৰ চা পৰিছে। যুৱক জনৰ মৃত্যুত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান বাংগালুৰু আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande