বিচিচিআইৰ বাৰ্ষিক চুক্তিত ৰোহিত, বিৰাট, বুমৰাহ আৰু জাদেজাৰ এ-প্লাছ বাহাল
শ্ৰেয়াছ আয়েৰ, ঈশান কিষাণৰ প্ৰত্যাৱৰ্তন, বৰুণ চক্ৰৱৰ্তী প্ৰথম বাৰ চুক্তিবদ্ধ নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) সোমবাৰে ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বাৰ্ষিক খেলুৱৈৰ চুক্তিৰ কথা ঘোষণা ক
ৰোহিত, বিৰাট


শ্ৰেয়াছ আয়েৰ, ঈশান কিষাণৰ প্ৰত্যাৱৰ্তন, বৰুণ চক্ৰৱৰ্তী প্ৰথম বাৰ চুক্তিবদ্ধ

নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) সোমবাৰে ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বাৰ্ষিক খেলুৱৈৰ চুক্তিৰ কথা ঘোষণা কৰে। শীৰ্ষ শিতান এ+ত কোনো পৰিৱৰ্তন হোৱা নাই, আনহাতে কিছুমান নতুন মুখকো তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বাবে বাদ দিয়া হৈছে প্ৰবীণ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন।

এ প্লাছ গ্ৰেডৰ একেই চাৰিজন প্ৰবীণ খেলুৱৈ-

বিচিচিআইয়ে পুনৰবাৰ অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰা আৰু ৰবীন্দ্ৰ জাডেজাক এ প্লাছ (এ+) শাখাত ধৰি ৰাখিছে। এই শিতানৰ খেলুৱৈসকলে বাৰ্ষিক ৭ কোটি টকাৰ পাৰিতোষিক লাভ কৰিব।

শ্ৰেয়াছ আয়েৰ ঘূৰি আহিছে, চি গ্ৰেডত ঈশান কিষাণ

যোৱা বছৰ ঘৰুৱা ক্ৰিকেট খেলিব নোৱাৰাৰ বাবে চুক্তি তালিকাৰ পৰা বাদ পৰা শ্ৰেয়াছ আয়েৰ এইবাৰ বি কেটেগৰীলৈ ঘূৰি আহিছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিৰতি লৈ ৰঞ্জি ট্ৰফীত নেখেলা ঈশান কিষাণক চি (চি) শ্ৰেণীত স্থান দিয়া হৈছে।

বৰুণ চক্ৰৱৰ্তীয়ে প্ৰথমবাৰৰ বাবে চুক্তি, অশ্বিন বাহিৰ

চেম্পিয়নছ ট্ৰফীত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা স্পিন বলাৰ বৰুণ চক্ৰৱৰ্তীয়ে প্ৰথমবাৰৰ বাবে বিচিচিআইৰ চুক্তিত স্থান লাভ কৰিছে। একে সময়তে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৰবিচন্দ্ৰন অশ্বিনৰ নামো এই তালিকাত নাই।

চুক্তিৰ শ্ৰেণী আৰু বাৰ্ষিক পাৰিতোষিক

এ+ গ্ৰেড: ৭ কোটি টকা

এ গ্ৰেড: ৫ কোটি টকা

বি গ্ৰেড: ৩ কোটি টকা

চি গ্ৰেড: ১ কোটি টকা

চুক্তি কেনেকৈ পায়?

বিচিচিআইৰ নিয়ম অনুসৰি এবছৰত এজন খেলুৱৈয়ে কমেও ৩খন টেষ্ট, ৮খন এদিনীয়া বা ১০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব লাগিব। এই ভিত্তিত বৰুণ চক্ৰৱৰ্তীৰ সৈতে হৰ্ষিত ৰাণা, অভিষেক শৰ্মা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথমবাৰৰ বাবে চুক্তি লাভ কৰিছে।

সম্পূৰ্ণ চুক্তিৰ তালিকা

এ+ শ্ৰেণী: ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা।

এ শ্ৰেণী: মহম্মদ চিৰাজ, কে এল ৰাহুল, শুবমান গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ শামী, ঋষভ পন্ত.

বি শ্ৰেণী: সূৰ্য্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছোৱাল, শ্রেয়াস আয়াৰ.

চি শ্ৰেণী: ৰিংকু সিং, তিলক বৰ্মা, ৰুতুৰাজ গাইকোৱাদ, শিৱম ডুবে, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পাতিদাৰ, ধ্ৰুৱ জুৰেল, সৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, ঈশান কিষাণ, অভিষেক শৰ্মা, আকাশ দীপ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande