লংকা বজাৰৰ পৰিতক্ত সামগ্ৰীত অগ্নিকাণ্ড
হোজাই, ১৯ এপ্ৰিল (হি.স.)। লংকা বজাৰৰ পিছফালে জমা কৰি ৰখা লেতেৰা জাৱৰত পূৱতি নিশা জুইৰ সূত্ৰপাত । কথমপি ৰক্ষা পৰে কাষতে থকা লংকা বজাৰত থকা ৰাইজৰ আৱাসগৃহ, লংকা পৌৰসভাৰ কাৰ্য্যালয়কে ধৰি লংকা আৰক্ষী থানাৰ কৰ্মচাৰীৰ আৱাসগৃহ আৰু বজাৰৰ দোকান পোহাৰ।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। পৰবৰ্তী সময়ত অগ্নি নিৰ্বাপনৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে সামগ্রিক অঞ্চলটো। স্থানীয় ৰাইজে বহু বাৰ উক্ত লেতেৰা জাৱৰ সমূহ সেই স্থানৰ পৰা আতৰাবলৈ লংকা পৌৰ সভাক আবেদন নিবেদন দিয়াৰ পিছতো পৌৰসভাই গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande