শিৱসাগৰ, ১৯ এপ্ৰিল (হি.স.)।্য শিৱসাগৰৰ এজন প্ৰকৃতি প্ৰেমীৰ প্ৰশংসনীয় পদক্ষেপ ।চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰিবলগীয়া স্থানত গছ কটাৰ বিপৰীতে উভালি অন্য স্থানত পুনৰ ৰোপন কৰি দেখুৱাইছে আদৰ্শ ।শিৱসাগৰ নগৰৰ সমীপৰ চাউলকৰাৰ অ এন জি চিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পিয়াৰ আহমেদৰ এই প্ৰশংসনীয় পদক্ষেপ।গছ কটাৰ বিপৰীতে জ্যেষ্ঠ ব্যক্তি জনে কৰি দেখুৱালে এক ব্যতিক্ৰমী কাৰ্য।
চাৰিলেন যুক্ত পথৰ নিৰ্মানৰ বাবে পিয়াৰ আহমেদে নিজে ৰোপন কৰা গছ দুজোপা কাটি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল কিন্ত নিৰ্দেশ পোৱাৰ পাছতে প্ৰকৃতি প্ৰেমী আহমেদে গছ দুজোপা কটাৰ বিপৰীতে গছ দুজোপা অন্য স্থানত পুনৰ ৰোপন কৰা ব্যৱস্থা কৰে। আহমেদে বিগত তিনিদিন ধৰি দুজন শ্ৰমিকৰ সৈতে গছ দুজোপা উভালি পুনৰ অন্য স্থানত ৰোপন কৰাৰ কামত ব্যস্ত হৈ আছে। নিজে ৰোৱা গছ দুজোপাক কটাৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁ গাঁঠিৰ ধন ভাঙিছে। গছ দুজোপাক নতুন জীৱন দিয়াৰ বাবে তেওঁ কৰিছে অপ্ৰাণ চেষ্টা।গছ-গছনি ভাল পোৱা প্ৰকৃতি প্ৰেমী জনে গছ কটাৰ বিপৰীতে গছ গছনি ৰোপন কৰিবলৈ আহ্বান জনাইছে।অৱসৰৰ পাছৰে পৰা পিয়াৰ আহমেদে গছ গছনি আদি ৰোপন কৰি প্ৰকৃতি সংৰক্ষন লগত জড়িত হৈ পৰে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ দিনৰ পৰাই তেওঁ এই দিশত নিৰৱে কাম কৰি আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ