সমাগত পঞ্চায়ত নিৰ্বাচন, নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্য়স্ত শাসক বিৰোধী
কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। সমাগত পঞ্চায়ত নিৰ্বাচন। শাসক বিৰোধী সকলোৱে ব্যস্ত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত । বাইহাটা চাৰিআলিৰ সমীপবৰ্তী তথা ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পূবপাৰ জিলা পৰিষদৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমুদ কাকতিও ব্যস্ত নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত
সমাগত পঞ্চায়ত নিৰ্বাচন, নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্য়স্ত শাসক বিৰোধী


কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। সমাগত পঞ্চায়ত নিৰ্বাচন। শাসক বিৰোধী সকলোৱে ব্যস্ত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত । বাইহাটা চাৰিআলিৰ সমীপবৰ্তী তথা ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পূবপাৰ জিলা পৰিষদৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমুদ কাকতিও ব্যস্ত নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ।

নিৰ্বাচনী বৈতৰণী কিদৰে পাৰ হব পাৰি সেই বিষয়ে ৰণ কৌশল তৈয়াৰ কৰাৰ বাবে শুকুৰবাৰে নিশা কুমুদ কাকতিৰ বাসগৃহত অনুষ্ঠিত হয় বিজপি আৰু অগপৰ এখনি নিৰ্বাচন সম্পৰ্কীয় সভা । জিলা পৰিষদ খনৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ অগপ আৰু বিজেপিৰ কাৰ্যকৰ্তা সকল আহি এই আলোচনাত মিলিত হয় আৰু যিকোনো প্ৰকাৰে কুমুদ কাকতিক জিল পৰিষদৰ সদস্য হিচাপে জয়ী কৰোৱাৰ বাবে দৃঢ়পদক্ষেপ গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande