কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ আমোলাতন্ত্ৰত বৃহৎ ৰদবদল, অৰবিন্দ শ্ৰীবাস্তৱ ৰাজহ সচিব নিযুক্ত
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কৰা শীৰ্ষ পৰ্যায়ৰ আমোলাতন্ত্ৰিক সালসলনিৰ অংশ হিচাপে শুকুৰবাৰে জ্যেষ্ঠ আমোলা অৰবিন্দ শ্ৰীবাস্তৱক নতুন ৰাজহ সচিব হিচাপে নিযুক্তি দিয়া হয়। ১৯৯৪ চনৰ কৰ্ণাটক কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বি
কেবিনেট


নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কৰা শীৰ্ষ পৰ্যায়ৰ আমোলাতন্ত্ৰিক সালসলনিৰ অংশ হিচাপে শুকুৰবাৰে জ্যেষ্ঠ আমোলা অৰবিন্দ শ্ৰীবাস্তৱক নতুন ৰাজহ সচিব হিচাপে নিযুক্তি দিয়া হয়।

১৯৯৪ চনৰ কৰ্ণাটক কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া শ্ৰীবাস্তৱে বৰ্তমান প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কেবিনেটৰ নিযুক্তি কমিটীয়ে বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ সচিব হিচাপে শ্ৰীবাস্তৱক নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাইছে বুলি কৰ্মচাৰী মন্ত্ৰালয়ৰ নিৰ্দেশত প্ৰকাশ পাইছে।

অসামৰিক বিমান পৰিবহণ সচিব ৱুমলুনমুং ৱুয়ালনামক ব্যয় বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ মনোজ গোৱেলৰ ঠাই ল’ব। মনোজ গোৱেল মধ্য প্ৰদেশ কেডাৰৰ ১৯৯৪ বেচৰ আই এ এছ বিষয়া। কেবিনেট সচিবালয়ত তেওঁক সচিব (সমন্বয়) হিচাপে নিযুক্তি দিয়া হৈছে। বন্দনা গুৰনানীৰ ঠাইত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে। বন্দনা গুৰনানী ১৯৯১ চনৰ কৰ্ণাটক কেডাৰৰ বেটচ আই এ এছ বিষয়া।

বিহাৰ কেডাৰৰ ১৯৯১ বেচৰ আই এ এছ বিষয়া ৰাজিত পুনহানীক দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। মধ্য প্ৰদেশ কেডাৰৰ ১৯৯৪ চনৰ বেচৰ আই এ এছ বিষয়া বিবেক আগৰৱালাক সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান তেওঁ বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগত অতিৰিক্ত সচিব হিচাপে কাম কৰি আছে।

ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ কেডাৰৰ ১৯৯০ বেচৰ আই এ এছ মিতা আৰ লোচনক সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। মণিপুৰ কেডাৰৰ ১৯৯০ বেচৰ আই এ এছ বিষয়া কে মোজেছ চালাইক বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

গৃহ মন্ত্ৰালয়ৰ আন্তঃৰাজ্যিক পৰিষদৰ সচিবালয়ৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছে মধ্য প্ৰদেশ কেডাৰৰ ১৯৯২ বেটচৰ আই এ এছ বিষয়া আশীষ শ্ৰীবাস্তৱে।

মণিপুৰ কেডাৰৰ ১৯৯৪ চনৰ বেটচৰ আই এ এছ বিষয়া ৰাজেশ আগৰৱালাক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ বিশেষ সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande