তেহৰাণ, ১৫ এপ্ৰিল (হি.স.)। বিদেশতো পাকিস্তানী নাগৰিকক হত্যা কৰাৰ পৰা এতিয়া বিৰত থকা নাই বেলুচ বিদ্ৰোহীসকল। ইৰাণৰ চিস্তান প্ৰদেশত বেলুচ বিদ্ৰোহীয়ে ৮ জন পাকিস্তানী সাধাৰণ নাগৰিকক হত্যা কৰে। তেওঁলোক সকলোৱে ইৰাণৰ এখন গাড়ীৰ গেৰেজত মেকানিক হিচাপে কাম কৰিছিল। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ নেচনেলিষ্ট আৰ্মি নামৰ এটা সংগঠনে। এই সংগঠনটোৱে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতাৰ দাবী জনাইছে। আনহাতে পাকিস্তান আৰু ইৰাণে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে।
ইৰাণত পাকিস্তানৰ ৰাষ্ট্ৰদূত মুদাছিৰ টিপুৰ মতে, কালি সংঘটিত হোৱা ঘটনাৰ যৌথ তদন্তৰ বাবে দুয়োখন দেশৰ মাজত সমন্বয়ৰ কাম চলি আছে। আনহাতে, পাকিস্তানত থকা ইৰাণৰ ৰাষ্ট্ৰদূত ৰাজা আমিৰী মোগদামে কয় যে সমগ্ৰ অঞ্চলটোৰ বাবে সন্ত্ৰাসবাদ এক সাধাৰণ ভাবুকি। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ঘটনাস্থলী পাকিস্তান সীমান্তৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ দূৰত। নিহত আঠজন লোকেই আছিল পঞ্জাৱৰ বাহাৱালপুৰ চহৰৰ বাসিন্দা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া