মাৰ্চ মাহত পাইকাৰী মুদ্ৰাস্ফীতি ৪ মাহৰ নিম্নতম ২.০৫ শতাংশলৈ হ্ৰাস প
নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। মুদ্ৰাস্ফীতিৰ ফ্ৰণ্টত সকাহৰ খবৰ। মাৰ্চ মাহত পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ২.০৫ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতি ১.৮৯ শতাংশ হোৱাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত ২.৩
মুদ্ৰাস্ফীতি


নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। মুদ্ৰাস্ফীতিৰ ফ্ৰণ্টত সকাহৰ খবৰ। মাৰ্চ মাহত পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ২.০৫ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতি ১.৮৯ শতাংশ হোৱাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত ২.৩৮ শতাংশ আছিল। ৪ মাহৰ ভিতৰত এয়া সৰ্বনিম্ন স্তৰ।

মঙলবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে। মাৰ্চ মাহত ডব্লিউ পি আইৰ মুদ্ৰাস্ফীতি ২.০৫ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু বাৰ্ষিক ভিত্তিত বৃদ্ধি পাইছে, যিটো ২০২৪ চনৰ মাৰ্চ মাহত ০.২৬ শতাংশ আছিল।খাদ্য সামগ্ৰী, অন্যান্য উৎপাদন, খাদ্য সামগ্ৰী, বিদ্যুৎ আৰু বস্ত্ৰ নিৰ্মাণ আদিৰ মূল্য বৃদ্ধিৰ বাবে ২০২৫ চনৰ মাৰ্চ মাহত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ বছৰেকীয়া ভিত্তিত বৃদ্ধি পাইছে।পাইকাৰী মূল্য সূচকাংকৰ তথ্য অনুসৰি মাৰ্চ মাহত খাদ্যৰ মুদ্ৰাস্ফীতিৰ হাৰ ১.৫৭ শতাংশলৈ হ্ৰাস পাইছে, আনহাতে সেয়া আছিল ফেব্ৰুৱাৰী মাহত ৩.৩৮ শতাংশ।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে শাক-পাচলিৰ মূল্য তীব্ৰভাৱে হ্ৰাস। কিন্তু ফেব্ৰুৱাৰী মাহত ২.৮৬ শতাংশৰ বিপৰীতে মাৰ্চ মাহত নিৰ্মিত সামগ্ৰীৰ মুদ্ৰাস্ফীতি ৩.০৭ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ইন্ধন আৰু বিদ্যুতৰ ক্ষেত্ৰতো বৃদ্ধি দেখা গৈছিল আৰু মাৰ্চ মাহত ই ০.২০ শতাংশ আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande