শিৱসাগৰ, ১৫ এপ্ৰিল (হি.স.)।
ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুসৰেখা
গণ জীৱনৰ ই সাহ।
অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন ৰঙালী বিহুৰ আজি আজি পহিলা বহাগৰ দিনটোত অসমীয়া জাতিৰ আয়ুস ৰেখাক চিৰ উজ্জীৱীত কৰি ৰখাৰ প্ৰয়াসেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঐতিহাসিক গড়গাঁও কাৰেঙঘৰ বাকৰিত উদযাপন কৰা হয় মুকলি বিহু ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা পতাকা আৰু বিহুৱান উত্তোলন, শ্বহীদ তৰ্পণ, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, কণী যুঁজ, গছপুলি ৰোপণ আৰু ঐতিহাসিক কাৰেঙঘৰ বাকৰিৰ চৌদিশে বিহু দলৰে পৰিভ্ৰমণ কৰাৰ পিছতে মুকলি বিহুত ভালেকেইটা হুচৰি দলে হুচৰি প্ৰদৰ্শন কৰে । অননুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই,অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াকে ধৰি ভালেকেইজনে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু