নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। ব্ৰাজিলৰ ব্ৰাজিলিয়াত অহা ১৭ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১৫ সংখ্যক ব্ৰিকচ কৃষি মন্ত্ৰীৰ বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব। ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, চৌদি আৰব, ইজিপ্ত, সংযুক্ত আৰব আমিৰশ্বাহী, ইথিওপিয়া, ইণ্ডোনেছিয়া আৰু ইৰাণকে ধৰি ব্ৰিকচৰ সদস্য দেশসমূহৰ কৃষি মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলে ‘ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতা, উদ্ভাৱন আৰু সম বাণিজ্যৰ জৰিয়তে অন্তৰ্ভুক্ত আৰু বহনক্ষম কৃষি প্ৰচাৰ কৰা’ শীৰ্ষক বৈঠকত অংশগ্ৰহণ কৰিব ।
মঙলবাৰে কৃষি মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ভ্ৰমণৰ সময়ত শিৱৰাজ চৌহানে ব্ৰাজিলৰ কৃষি আৰু পশুধন মন্ত্ৰী কাৰ্লোছ হেনৰিকে বাকেটা ফেভেৰো আৰু কৃষি উন্নয়ন আৰু পৰিয়াল কৃষি মন্ত্ৰী লুইজ পাউলো টেইক্সেইৰাৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকসমূহে কৃষি, কৃষি প্ৰযুক্তি, গ্ৰাম্য উন্নয়ন আৰু খাদ্য সুৰক্ষাৰ বিভিন্ন খণ্ডত ভাৰত আৰু ব্ৰাজিলৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী চৌহানে ব্ৰাজিলৰ আগশাৰীৰ কৃষি ব্যৱসায় কোম্পানীসমূহৰ মুৰব্বী আৰু চাও পাউলোত ব্ৰাজিলৰ ভেজিটেবল অইল ইণ্ডাষ্ট্ৰী এছ’চিয়েশ্যনৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰি কৃষি মূল্য শৃংখলত অংশীদাৰিত্ব আৰু বিনিয়োগৰ সুযোগ বিচাৰিব।
ইয়াৰ সমান্তৰালকৈ শিৱৰাজ সিং চৌহানে ‘এক পেড় মা কে নাম’ পদক্ষেপৰ অধীনত ব্ৰাজিলিয়াস্থিত ভাৰতীয় দূতাবাসত ‘এক পেড় মা কে নাম’ পদক্ষেপৰ অধীনত বৃক্ষৰোপণ অভিযানতো অংশগ্ৰহণ কৰিব, যাৰ উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু মাতৃত্বক সন্মান জনোৱা। তেওঁ চাও পাওলোত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব আৰু দ্বিপাক্ষিক সম্পৰ্কত সাংস্কৃতিক ৰাষ্ট্ৰদূত আৰু অৱদানকাৰী হিচাপে তেওঁলোকৰ ভূমিকাক স্বীকাৰ কৰিব। ব্ৰিকছ দেশসমূহৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ লগতে কৃষি উদ্ভাৱন আৰু দক্ষিণ-দক্ষিণ সহযোগিতাক আগুৱাই নিয়াৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি এই ভ্ৰমণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া