শ্বেয়াৰ বজাৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে ধুমুহাময় গতি, চেন্সেক্স আৰু নিফটি বৃহৎ উত্থান
–বজাৰৰ সুদৃঢ় পৰিস্থিতিৰ বাবে বিনিয়োগকাৰীয়ে লাভ কৰিছিল ১০.৭৪ লাখ কোটি টকা নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। শুল্ক যুদ্ধত সকাহ আৰু শক্তিশালী বিশ্ব সংকেতৰ বাবে আজি একেৰাহে দ্বিতীয়বাৰৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰখন উত্থান হৈ আছে। আজিৰ ব্যৱসায় আৰম্ভ হৈছে
शेयर बाजार में लगातार दूसरे कारोबारी दिन सेंसेक्स और निफ्टी ने लगाई जबरदस्त छलांग


–বজাৰৰ সুদৃঢ় পৰিস্থিতিৰ বাবে বিনিয়োগকাৰীয়ে লাভ কৰিছিল ১০.৭৪ লাখ কোটি টকা

নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। শুল্ক যুদ্ধত সকাহ আৰু শক্তিশালী বিশ্ব সংকেতৰ বাবে আজি একেৰাহে দ্বিতীয়বাৰৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰখন উত্থান হৈ আছে। আজিৰ ব্যৱসায় আৰম্ভ হৈছে ২ শতাংশতকৈ অধিক সৱলতাৰে। বজাৰ খোলাৰ পিছত ব্যৱসায়ৰ প্ৰথম আধা ঘণ্টাত লাভৰ বুকিং হৈছিল যদিও তাৰ পিছত গোটেই দিনটো বজাৰত ম’হবোৰে আধিপত্য বিস্তাৰ কৰিছিল। সম্পূৰ্ণ দিনটোৰ ব্যৱসায়ৰ পিছত চেন্সেক্স ২.১০ শতাংশ বৃদ্ধিৰে বন্ধ হয় আৰু নিফটি ২.১৯ শতাংশ বৃদ্ধিৰে বন্ধ হয়।

আজি দিনটোৰ ব্যৱসায়ৰ সময়ত সকলো খণ্ডৰ সূচকাংক সেউজ মাৰ্কত শক্তিশালীভাৱে বন্ধ হৈ পৰে। ক্ৰয়ৰ সমৰ্থনত ৰিয়েলটি সূচকাংক ৫ শতাংশ বৃদ্ধিৰে বন্ধ হ’বলৈ সক্ষম হয়। একেদৰে ধাতু আৰু অটোমোবাইলৰ সূচকাংকতো ৩ শতাংশতকৈ অধিক বৃদ্ধি পঞ্জীয়ন কৰা হৈছে। ইয়াৰ উপৰিও শক্তি, আই টি, অইল এণ্ড গেছ, বেংকিং, কেপিটেল গুডছ, কনজিউমাৰ ডুৰেবলছ, এফএমচিজি, হেল্থ কেয়াৰ, পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আৰু টেক সূচকাংকসমূহো প্ৰচণ্ড শক্তিৰে বন্ধ হ’বলৈ সক্ষম হয়। আজি বহল বজাৰত ক্ৰয়ৰ ধাৰাবাহিকতা চলিছিল, যাৰ বাবে বিএছই মিডকেপ সূচকাংক ৩.০২ শতাংশ বৃদ্ধিৰে বন্ধ হৈছিল। একেদৰে স্মলকেপ সূচকাংকই ৩.২১ শতাংশ জঁপিয়াই আজিৰ ব্যৱসায়ৰ অন্ত পেলায়।

আজিৰ শ্বেয়াৰ বজাৰত শক্তিশালী হোৱাৰ বাবে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ সম্পত্তি ১০ লাখ কোটিতকৈও অধিক বৃদ্ধি পালে। আজিৰ ব্যৱসায়ৰ অন্তত বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ৪১২.২৯ লাখ কোটি (অস্থায়ী)লৈ বৃদ্ধি পালে। আনহাতে যোৱা সপ্তাহৰ শেষৰটো ব্যৱসায়িক দিন অৰ্থাৎ শুকুৰবাৰে তেওঁলোকৰ বজাৰ মূলধন আছিল ৪০১.৫৫ লাখ কোটি টকা। এইদৰেই বিনিয়োগকাৰীয়ে আজিৰ ব্যৱসায়ৰ পৰা প্ৰায় ১০.৭৪ কোটি টকা লাভ কৰে।

আজি দিনটোত বিএছইত ৪,২৫৬ টা শ্বেয়াৰৰ সক্ৰিয় ব্যৱসায় হয়। ইয়াৰে ৩,৩০৫ টা ষ্টক লাভৰ সৈতে বন্ধ হোৱাৰ বিপৰীতে ৭৮২ টা ষ্টক হ্ৰাস পোৱাৰ বিপৰীতে ১৬৯ টা ষ্টক কোনো উঠা-নমা নোহোৱাকৈ বন্ধ হয়। আজি এন এছ ইত ২,৫৯৬ টা শ্বেয়াৰৰ সক্ৰিয় ব্যৱসায় হৈছিল। ইয়াৰে ২,৩১৫ টা ষ্টক লাভৰ পিছত গ্ৰীণত বন্ধ হোৱাৰ বিপৰীতে ২৮১ টা ষ্টক লোকচানৰ পিছত ৰঙা ৰঙত বন্ধ হয়। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা ষ্টকৰ ভিতৰত ২৮টা ষ্টক লাভৰ সৈতে বন্ধ হয় আৰু মাত্ৰ ২টা ষ্টক হ্ৰাসৰ সৈতে বন্ধ হয়। আনহাতে নিফটিত অন্তৰ্ভুক্ত ৫০টা ষ্টকৰ ভিতৰত ৪৮টা ষ্টক গ্ৰীণ মাৰ্কত আৰু মাত্ৰ ২টা ষ্টক ৰেড মাৰ্কত বন্ধ হয়।

আজি বিএছই চেন্সেক্সে ১,৬৯৪.৮০ পইণ্ট জঁপিয়াই ৭৬,৮৫২.০৬ পইণ্টত মুকলি কৰে। ট্ৰেডিং আৰম্ভ হোৱাৰ পিছত প্ৰফিট বুকিঙৰ বাবে সূচকাংকটো মুকলি স্তৰৰ পৰা ৪০০ পইণ্টতকৈ অলপ বেছি হ্ৰাস পাই ট্ৰেডিঙৰ প্ৰথম আধা ঘণ্টাত ৭৬,৪৩৫.০৭ পইণ্টৰ স্তৰত উপনীত হয়। ইয়াৰ পিছত ক্ৰেতাই বজাৰত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিলে। ক্ৰয়ৰ সমৰ্থনত সূচকাংকটোৱে ১৭৫০.৩৭ পইণ্ট জপিয়াই ৭৬,৯০৭.৬৩ পইণ্টৰ স্তৰত উপনীত হয়। কিন্তু ইন্ট্ৰা ডে ছেটেলমেণ্টৰ বাবে শেষ মুহূৰ্তত বিক্ৰীৰ বাবে সূচকাংকটো উচ্চ পৰ্যায়ৰ পৰা সামান্য পিছলি ১,৫৭৭.৬৩ পইণ্ট বৃদ্ধিৰে ৭৬,৭৩৪.৮৯ত বন্ধ হয়।

চেন্সেক্সৰ দৰেই আজি এন এছ ইৰ নিফটিয়েও ২৩,৩৬৮.৩৫ পইণ্টৰ স্তৰত ৫৩৯.৮০ পইণ্ট বৃদ্ধিৰে ব্যৱসায় আৰম্ভ কৰে। বজাৰ খোলাৰ লগে লগে বিক্ৰী আৰম্ভ হয় আৰু ব্যৱসায়ৰ প্ৰথম আধা ঘণ্টাত সূচকাংক মুকলি স্তৰৰ পৰা প্ৰায় ১৬০ পইণ্ট হ্ৰাস পাই ২৩,২০৭ পইণ্টত উপনীত হয়। ইয়াৰ পিছত ক্ৰেতাসকলে বজাৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল, যাৰ বাবে এই সূচকাংকৰ গতিবেগ উত্থানৰত হৈ পৰিছিল। সম্পূৰ্ণ দিনটোৰ ব্যৱসায়ৰ পিছত নিফটিয়ে ৫০০ পইণ্ট বৃদ্ধিৰে ২৩,৩২৮.৫৫ পইণ্টত বন্ধ হয়।

দিনজোৰা ক্ৰয়-বিক্ৰয়ৰ পিছত আজিৰ শীৰ্ষ ৫ টা লাভৰ তালিকাত ইণ্ডুচিণ্ড বেংক ৬.৭৩ শতাংশ, শ্ৰীৰাম ফাইনেন্স ৫.২০ শতাংশ, টাটা মটৰ্ছ ৪.৫৬ শতাংশ, লাৰ্চেন এণ্ড টৌব্ৰ’ৰ ৪.৫৫ শতাংশ আৰু আদানি এণ্টাৰপ্ৰাইজে ৪.১৭ শতাংশ ষ্টকৰ তালিকাত অন্তৰ্ভুক্ত হয়। আনহাতে, আইটিচিয়ে ০.২৭ শতাংশ আৰু হিন্দুস্তান ইউনিলিভাৰৰ ০.২০ শতাংশ হাৰত আজিৰ লোকচানৰ তালিকাত স্থান দখল কৰে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande