নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। মুদ্ৰাস্ফীতিৰ ফ্ৰণ্টত জনসাধাৰণৰ বাবে এক ডাঙৰ সকাহৰ খবৰ। পাইকাৰী মুদ্ৰাস্ফীতিৰ পিছত মাৰ্চ মাহত বাৰ্ষিক ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাই ছবছৰৰ সৰ্বনিম্ন ৩.৩৪ শতাংশ হয়। ইয়াৰ পূৰ্বে ২০১৯ চনৰ আগষ্ট মাহত এই হাৰ ৩.২৮ শতাংশ স্তৰত আছিল।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্যত প্ৰকাশ কৰিছে যে শাক-পাচলি আৰু প্ৰ’টিনযুক্ত সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবে গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতি সামান্যভাৱে হ্ৰাস পাই মাৰ্চ মাহত ছয় বছৰৰ নিম্নতম ৩.৩৪ শতাংশলৈ নামি আহিছে। তথ্য অনুসৰি মাৰ্চ মাহত খাদ্যৰ মুদ্ৰাস্ফীতি ২.৬৭ শতাংশ হোৱাৰ বিপৰীতে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৩.৭৫ শতাংশ আৰু মাৰ্চ মাহত ৮.৫২ শতাংশ আছিল। গ্ৰাম্য মুদ্ৰাস্ফীতি ৩.৭৯ শতাংশৰ পৰা ৩.২৫ শতাংশলৈ হ্ৰাস পাইছে আৰু চহৰৰ মুদ্ৰাস্ফীতি ৩.৩২ শতাংশৰ পৰা ৩.৪৩ শতাংশলৈ বৃদ্ধি পাইছে। মুদ্ৰাস্ফীতিৰ টোপোলাত খাদ্য সামগ্ৰীয়ে প্ৰায় ৫০ শতাংশ অৰিহণা যোগায়।
যোৱা সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে নীতিগত হাৰ ৰেপ’ ৰেট ০.২৫ শতাংশ হ্ৰাস কৰি ৬ শতাংশলৈ হ্ৰাস কৰিছিল। কেন্দ্ৰীয় বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে খুচুৰা মুদ্ৰাস্ফীতি চাৰি শতাংশ হ’ব বুলি প্ৰকল্প কৰিছে। আৰ বি আইয়ে প্ৰথম ত্ৰৈমাসিকত ৩.৬ শতাংশ, দ্বিতীয় ত্ৰৈমাসিকত ৩.৯ শতাংশ, তৃতীয় ত্ৰৈমাসিকত ৩.৮ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৪.৪ শতাংশ হোৱাৰ অনুমান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া