নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। হিমাচল প্ৰদেশৰ আজি ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে দেৱভূমিক প্ৰগতিৰ পথত আগবাঢ়ি যোৱাটো কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-পোষ্টত কয়, হিমাচল দিৱসত ৰাজ্যখনৰ সকলো জনসাধাৰণলৈ বহু শুভেচ্ছা জনাইছোঁ। গৌৰৱময় সংস্কৃতিৰ বাবে বিখ্যাত এই ৰাজ্যৰ মোৰ ভাই-ভনীসকল নিজৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু বীৰত্বৰ বাবে পৰিচিত। এই বিশেষ অনুষ্ঠানটোৱে আপোনালোক সকলোৰে জীৱনত সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক, আৰু ই আমাৰ দেৱভূমিক প্ৰগতিৰ পথত আগুৱাই লৈ যাওক, এয়া মোৰ কামনা।
উল্লেখযোগ্য যে ১৯৪৮ চনৰ ১৫ এপ্ৰিলত ৩০খন সৰু-বৰ ৰাজকীয় ৰাজ্য একত্ৰিত কৰি হিমাচল প্ৰদেশ গঠন হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে ১৫ এপ্ৰিল হিমাচল দিৱস হিচাপে পালন কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া