নেপালঃ প্ৰচণ্ডৰ দাবী- সোনকালে মিত্ৰতা ভাঙিব, অলিয়ে কয়, এয়া প্ৰচণ্ডৰ দিবাস্বপ্ন
নেপালী কংগ্ৰেছক সমৰ্থন কৰাৰ প্ৰস্তাৱ মাওবাদী সভাপতিৰ কাঠমাণ্ডু, ১৫ এপ্ৰিল (হি.স.)। নেপালক নৱবৰ্ষৰ শুভেচ্ছা জনাই মাওবাদী সভাপতি পুষ্প কমল দাহাল প্ৰচণ্ডই দাবী কৰে যে নতুন বছৰত দেশত নতুন চৰকাৰ আৰু নতুন মিত্ৰতা দেখা যাব। ইয়াৰ লগে লগে প্রতিক্রিয়া প্রদা
प्रधानमंत्री के पी शर्मा ओली और पूर्व प्रधानमंत्री प्रचण्ड


নেপালী কংগ্ৰেছক সমৰ্থন কৰাৰ প্ৰস্তাৱ মাওবাদী সভাপতিৰ

কাঠমাণ্ডু, ১৫ এপ্ৰিল (হি.স.)। নেপালক নৱবৰ্ষৰ শুভেচ্ছা জনাই মাওবাদী সভাপতি পুষ্প কমল দাহাল প্ৰচণ্ডই দাবী কৰে যে নতুন বছৰত দেশত নতুন চৰকাৰ আৰু নতুন মিত্ৰতা দেখা যাব। ইয়াৰ লগে লগে প্রতিক্রিয়া প্রদান কৰি প্রধানমন্ত্রী কে পি শর্মা অলিয়ে কয় যে চৰকাৰ সলনি কৰাৰ কথা এটা দিবা স্বপ্নৰ বাহিৰে আন একো নহয় ৷

নেপালী নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ সময়তে নেপালৰ প্ৰধান বিৰোধী দল মাওবাদীৰ সভাপতি প্ৰচণ্ডই নতুন বছৰত নতুন চৰকাৰ আৰু নতুন মিত্ৰতাৰ উপহাৰ দেশবাসীয়ে লাভ কৰিব বুলি মন্তব্য কৰিছে। সোমবাৰে প্ৰকাশ পোৱা ভিডিঅ’ বাৰ্তাত প্ৰচণ্ডই শাসকীয় দল নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাক অলি চৰকাৰ ত্যাগ কৰি নিজা নেতৃত্বত চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছে।

প্ৰচণ্ডই দেউবাক কৈছে যে দেশখনক হতাশাৰ গাঁতৰ পৰা উলিয়াই আনিবলৈ হ’লে নেপালী কংগ্ৰেছে নতুন চৰকাৰৰ নেতৃত্ব দিয়াটো প্ৰয়োজনীয়। তেওঁ কয় যে মাওবাদী দলে দেউবাক প্ৰধানমন্ত্ৰী কৰাৰ বাবে বিনাচৰ্তে সমৰ্থন ঘোষণা কৰে। কংগ্ৰেছ দলে যদি বিচাৰে তেওঁলোকে চৰকাৰত যোগদান কৰিব পাৰে, কিন্তু যদি নিবিচাৰে তেন্তে বাহিৰৰ পৰা সেই চৰকাৰখনক সমৰ্থন কৰিবলৈ সাজু। নতুন বছৰত দেশৰ জনসাধাৰণে অতি সোনকালে এখন নতুন চৰকাৰ দেখিবলৈ পাব বুলি আস্থা প্রকাশ কৰে প্রচণ্ডই ৷

মাওবাদী অধ্যক্ষৰ এই মুকলি প্ৰস্তাৱক লৈ নেপালী কংগ্ৰেছৰ কোনো সঁহাৰি পোৱা নাই যদিও শাসকীয় প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে প্ৰত্যুত্তৰ দিছে। মঙলবাৰে ৰাজধানীত এক অনুষ্ঠানত ভাষণ দি অলিয়ে কয় যে প্ৰচন্দই চৰকাৰ সলনি কৰাৰ দিৱসপোন দেখিছে। ক্ষমতাৰ পৰা উচ্ছেদ হোৱাৰ পিছৰে পৰা প্ৰচণ্ড পুনৰ ক্ষমতালৈ আহিবলৈ হাহাকাৰ কৰা দেখা গৈছে। অলিয়ে দাবী কৰে যে বিৰোধী নেতাসকলে যিমানেই চেষ্টা নকৰক কিয় চৰকাৰ বা মিত্ৰজোঁটৰ কোনো পৰিৱৰ্তন হ’ব নোৱাৰে। প্ৰচণ্ডৰ চৰকাৰ সলনিৰ কথা সপোন হৈয়ে থাকিব বুলিও তেওঁ কয়। নেপালী কংগ্ৰেছৰ সৈতে তেওঁৰ চৰকাৰ ভালদৰে চলি আছে আৰু চৰকাৰত কোনো সমস্যা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande