কোকৰাঝাৰ,১৫ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অন্তৰ্গত শক্তি আশ্ৰমত আজি দ্যা ম'মছ একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন মুকলি কৰে। কাৰ্যসূচী অনুসৰি বিদ্যালয় খনৰ ৰঙা ফিটা কাটি উদ্বোধন কৰা কোকৰাঝাৰ জিলাৰ সমগ্ৰ শিক্ষাৰ আঁচনি বিষয়া জাহাংগীৰ হুছেইনে ।
পিছত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ হাকিম আলী প্ৰামানিকৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়। সভাত আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য জাগিৰ সৰেন, শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ শিক্ষক বিমলেশ ৰায়, ময়নাগুৰী এল পি স্কুলৰ প্ৰধান শিক্ষক প্ৰনয় সুত্ৰধৰ , দ্যা ম'মছ একাডেমী পৰিচালন সঞ্চালক সঞ্চালক প্ৰফুল্ল কুমাৰ ৰায় আদিকে ধৰি বিশিষ্ট ব্যক্তি সকল। উপস্থিত থাকে নতুনকৈ প্ৰতিষ্ঠা কৰা বিদ্যালয় খনৰ শিক্ষক -শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী,অভিভাৱক সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ